জীৱন জীৱন বৰ অনুপম-পাপু শইকীয়া

©Admin
0
তুলিকাৰ ৰঙবোৰ
সিঁচি সিঁচি দিয়া, 
জীৱনৰ উকা কাগজত।
বহু ৰঙ বহুতো হাঁহি 
হেঁপাহ ভৰাই আনা, 
সপোন অঁকা দুচকুত।

বকুলৰ গোন্ধ কোন বাটে হেৰাই,
আশাবোৰে জানো সুগন্ধি ছটিয়াই ?
দিঠকে ক'তনো হাঁহি বিচাৰি পায়,
আন্ধাৰে হে চোন লগ নেৰায়।

তথাপি,
তুমি সুখ প্ৰতিধ্বনি,
ন-প্ৰভাতত থাকিবা ৰিঙিয়াই, 
জলঙাৰে জুমি চাম হেঁপাহ পলুৱাই ।



✍️পাপু শইকীয়া 
চিনাতলী (গোলাঘাট) 
ভ্ৰাম্যভাষ :-৯৮৬৪৫০২৮৭৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)