অজুহাত-সুৰজ বৰগোহাঁই

©Admin
0
হেজাৰ জনেক হ'লেও
হৃদয়ৰ গৰাকীয়ে সহাঁৰি নিদিলে 
উকা উকা হৈ থাকে দিনবোৰ
এটা যেন গভীৰ নিশা ।
হৃদয়ৰ অনগত্যবোৰ
আন্ধাৰত কঁপি কঁপি জকি উঠে
যেতিয়া মাজৰাতি
চৰাই এটিয়ে স্মৃতি গীত জুৰে ।

প্ৰেমৰ অজুহাত লৈ
তুমি আহিব খুজিও নাহিলা,
কথাবোৰ অজুহাতত
অকবিতা হৈ ৰʼল
কাহিনীয়েই হ'ল নে গল্প?
কবিতাই হʼল নে শিল্প?
বুজি নাপালোঁ!
প্ৰেমৰ অজুহাতত জীৱন জব্দ ।
                                                
 ✍️সুৰজ বৰগোহাঁই,             
‌‌ ধেমাজি, মৰিঢল,

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)