মই দেশৰ সৈনিকে কৈছো-ভাস্কৰজ্যোতি কুটুম

©Admin
0
পূৱৰ পৰা পশ্চিমলৈ
উত্তৰৰ পৰা দক্ষিণলৈ,
ৰেগিস্থানৰ পৰা ছিয়াচিনলৈ
বিলিন হওঁ সকলো জলবায়ুতে
ময়েই দেশৰ জাগ্ৰত প্ৰহৰী হৈ।
সীমান্তৰ পৰা আভ্যন্তৰীণলৈ,
 প্ৰাকৃতিক দুৰ্যোগৰ পৰা 
জৰুৰীকালীন অৱস্থালৈ
দেশৰ নিৰ্বাচনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষালৈ,
লগতে বিদেশতো ময়েই সশস্ত্ৰ সৈনিক।
কিন্তু, ৰাজনীতিৰ অৰ্থ নজনা আমাকো
কিয় নিয়ে ৰাজনীতিৰ মাজলৈ ?
আমি নহয় ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ
নাই আমাৰ ৰাজনীতিৰো অভিজ্ঞতা,
কাৰণ, আমি মেট্ৰিকৰহে একোজন ছাত্ৰ।

মানুহে কয়..
সৈনিকৰ হেনো সকলো আছে
কিন্তু মোৰ যে বিশ্বাসে নহয়,
বিশ্বাসনো কৰোঁ কেনেকৈ
দৰমহাৰ নামত পোৱা কেইটামান টকাকো
কৰৰ নামতে বছৰত উভতাই লৈ যায়।

আই-পিতাই, পত্নী-পুত্ৰ বহু দূৰতে ৰৈ
দিন ৰাতি একাকাৰ কৰি 
চাৰিওফালে অঘৰীৰ দৰে ঘূৰি 
তৰ্জনী আঙুলিতে জীৱনৰ শেষ বুলি 
ময়েই জাগ্ৰত প্ৰহৰী হৈ দেশকে উৎৰ্সগা কৰোঁ।

✍️ভাস্কৰজ্যোতি কুটুম 
               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)