আহ্বান -ধনমণি কোঁৱৰ

©Admin
0
হে পৃথিৱীৰ সজাগ জনতা
সাৰ পোৱা 
এন্ধাৰৰ ঘোৰ টোপনিৰ পৰা।
হে পৃথিৱীৰ সজাগ জনতা
ব্যস্তময় জীৱনৰ পৰা
 ক্ষন্তেক জিৰণি লোৱা।
আহ্বান কৰি হাত জুৰিছোঁ
মিনতি কৰি ভৰিত ধৰিছোঁ
প্ৰকৃতিৰ এই অনন্য ৰূপক
এবাৰ চকু তুলি চোৱা।
হে পৃথিৱীৰ সজাগ জনতা
অকণ মান সময় উলিয়াই 
আহিবা চোন 
আমাৰ গাঁওলে,
বৰগছৰ ছাঁত বহি 
প্ৰকৃতিৰ চেচাঁ বতাহত
দেহা শীতল কৰিবলৈ।
আঘোণৰ পথাৰত ৰবাব-জৰাৰ জুটি লৈ
পতা-সোণ-বৰণীয়া ধানৰ আঁচলত লুকাই
দাৱনীৰ গাভৰুজাকক জুকাবলে।
হে পৃথিৱীৰ সজাগ জনতা
 "সাৰ পোৱা"
সময় পালে ভৰ-দূপৰীয়া 
ফাগুনৰ মলয়া বতাহ জাকৰ লগত 
এবাৰ নিজকে ধিয়াই চাবা।
হে পৃথিৱীৰ সজাগ জনতা 
কেই দিননো সময় পাবা মুৰ তুলি 
নীল বৰণীয়া, ৰাতি মুকুতাৰে ভৰা
আকাশখনি চাবলৈ। 
কেই দিননো সময় পাবা মুৰ তুলি 
আবেলিৰ বেলি লহিওৱাৰ ছায়া
সৌ দুৰণীৰ পাহাৰৰ সৌন্দৰ্যই
 মন মোহি নিয়া
নীৰৱে প্ৰকৃতিৰ বুকুৰ মাজৰ পৰা ওলাই অহা 
নৈ খন চাবলৈ।
হে পৃথিৱীৰ সজাগ জনতা 
আহ্বান কৰিছো,
 ৰঙীন ময় এই 
সেউজী 
পৃথিৱী খনক শেষ হব নিদিবা।
টোপনিৰ পৰা সাৰ পোৱা , 
কৰ্মৰ পৰা ক্ষন্তেক জিৰণি লোৱা 
অনুভৱ কৰা 
এই সেউজী পৃথিৱীখনক
হে পৃথিৱীৰ সজাগ জনতা ।।

                            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)