আজীৱন হৈ ৰ'ম চিৰকৃতজ্ঞ - ৰিম্পী ভঁৰালী

©Admin
0
তোমাৰ হাতৰ কোমল পৰশত
মোৰ দুখনি গাল হ'ল  উজ্জ্বল, 
তোমাৰ স্নেহময়ী হাতৰ আশীৰ্বাদত
মোৰ জীৱন যুঁদ্ধ হ'ল আৰম্ভ, 
তোমাৰ হিয়াৰ কোমল মৰমত
মোৰ মন হ'ল সুন্দৰ, 
তোমাৰ মুখৰ মিঠা মাতত
মোৰ মন হ'ল স্বৰগম,
তোমাৰ ওঁঠৰ কোমল চুম্বনত
মোৰ ললাট হ'ল ধন্য,
তোমাৰ জীৱনৰ ছাঁৰ তলত 
মোৰ জীৱনে পালে সানিধ্য।
মা, তুমি মোৰ জীৱনৰ 
এক অবিচ্ছেদ্য অংগ,
তুমিয়েই দেখুৱালা মোক
স্বৰ্গসদৃশ মধুময় স্বপ্ন ।
তোমাৰ মৌ -মিঠা বাণীত
মোৰ স্বপ্ন হ'ল বাস্তৱ, 
শেষ উশাহলৈ আজীৱন 
হৈ ৰ'ম চিৰকৃতজ্ঞ ।
         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)