নুবুজা মৰম -দিপশিখা ৰাজকোঁৱৰ

©Admin
0
::: আজি আকৌ তই বেয়া বস্তু খালি।

:::: নাই খোৱা।

:::: মোৰ আগত মিছা নামাতিবি। মই নজনা নহয়।

:::: চাও আতৰ হ...! মোৰ জীৱন মোৰ কথা।তই কোন মাত মাতিবলৈ।

              এৰা..... গধূলি হোৱাৰ লগে লগে সি ওলাই যায় ঘৰৰ পৰা।কলৈ যায় কোনেও নাজানে।ঘৰ সোমাইহি মাজৰাতি। ক'ত কি কৰে, ক'ত পইচা পাই বেয়া বস্তু খাবলৈ,কাৰ লগত ওলাই যায় সেয়া কাকো জানিবলৈ নিদিয়ে।নিজৰ মাক দেউতাকৰ কথাটো নুশুনেই। এতিয়া খুড়ীয়েকৰ কথাও নুশুনে।খুড়ীয়েকৰ জীয়েক জনীয়ে তাক নিজৰ ভায়েকৰ দৰে মৰম কৰে। অকলশৰীয়া তাইজনীয়ে তাকেই সকলো বুলি ভাবে। কিন্তু তাৰ আগত তাইৰ মৰম নগণ্য হৈ পৰে।লকডাউনৰ সময়ত এদিন দুদিনকৈ ঘৰৰ পৰা গধূলি গধূলি ওলাই যাওঁতেই যদি মাক দেউতাকে বিচাৰ কৰিলে হয় ক'ত কি কৰিবলৈ ওলাই যায়। তেতিয়া হয়তো এনেকুৱা অৱস্থা নহ'ল হয়।মাক দেউতাকে এতিয়াতো তাক একেবাৰেই এৰাই চলাৰ দৰে চলে। খুড়ীয়েকৰ ঘৰতে থাকে সি। খুড়ীয়েকেও তাক নিজৰ ল'ৰাৰ দৰে থাকিবলৈ দিয়ে।
           আনদিনাৰ দৰে আজিও সি বেয়া বস্তু খাই আহিছিল। খুড়ীয়েকৰ জীয়েকে তাক একচৰ সোধালে।সি খঙতে তাইলৈ চালে।
::::: তই মোক মাৰিলি যে?

:::: কিয়? তোৰ নিচা ভাঙি গ'ল নেকি? কিমান কও তোক এইবোৰ নাখাবি।পিছত তোৰ নিজৰে কষ্ট হ'ব।কিবা এটা হ'লে কোনে চাব তোক।তই মোৰ নিজৰ ভাইটিৰ দৰে।ৰাতিখন কিয় ওলাই যাব লাগে।ইয়াতে থাকচোন ভালকৈ।

::::: চুপ থাক।তই মোৰ বা নহয়।কোনো নহয়। নাথাকো আজিৰ পৰা মই।

তেনেকৈ কিবাকিবি কৈ সি ওলাই গ'ল ৰাস্তাৰ ফালে।তাই বহুত কান্দিলে।তাই বুজাব পৰা নাই তাক।তাই ইতিমধ্যে গম পাইছে তাৰ নিশ্চয় কিবা এটা হ'ব। সেইদিনা গাঁৱৰ ল'ৰা এজনে যেতিয়া কৈছিল সি বমি কৰোঁতে মুখৰ পৰা তেজ ওলাইছিল তাই তেতিয়াই তাক বিচাৰি যাবলৈ ওলাইছিল। কিন্তু মাকৰ অনুৰোধত তাই ওলাই নগ'ল।তাই তাক বিচাৰি যাব ক'ত।তাক তাহাতৰ ঘৰত থাকিবলৈ দিয়া দেখি মাক দেউতাকে বেয়া পাই। কিন্তু তাই কেনেকৈ তাক উলিয়ায় পঠিয়াব পাৰিব। তাক ভাল পথলৈ আনিবলৈ বহুত চেষ্টা কৰিও পৰা নাই। কেইদিনমান সি নিজৰ ঘৰত থাকিলে। এদিন দুপৰীয়া মাক আৰু সি কাজিয়া লাগি তাহাতৰ ঘৰলৈ আহিল। চিঞৰ বাখৰ শুনি  গাঁৱৰ মানুহবোৰ গোট খালে।

::::: ভাইটি..... তই কিয় এনেকুৱা কৰিছ। নাপায় নহয় মাক এনেকৈ ক'ব।য'ত কাজিয়া লাগ লাগি থাক। কিন্তু আমাৰ ঘৰত কিয় বাৰে বাৰে হুলস্থুল কৰিবলৈ আহ। মই এইবোৰ চাই থাকিব নোৱাৰোঁ। নালাগে... আজিৰ পৰা আমাৰ ঘৰলৈ নাহিবি। মই কোনো নহয় তোৰ।
     তাই কান্দি কান্দি কওতে সি শান্ত হ'ল।অলপ পিছতে ঘৰলৈ গলগৈ।সকলো মানুহে তেওঁলোকক চাই ৰল।
             কিছুদিনৰ পিছত তাক মেডিকেল নিব লগীয়া হ'ল। বহুত বেছি তেজ ওলাইছিল সেইদিনা তাৰ। এতিয়ালৈকে কি হৈছে একো গম পোৱা নাই। মাতটো সৰুকৈ মাতিছে। সকলোৱে তাৰ ভাল হোৱাৰ কামনা কৰি তাতে আছে।নুবুজিলে সি বায়েকৰ মনৰ ভাষা,নুবুজিলে এদিনো মৰমৰ অনুশাসন।


 ✍️দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)