ব'হাগ- মানস জান শইকীয়া

©Admin
0
বহাগ নহয় মাথো এটি নাম
কুলিৰ মাতে চিৰঞ্জীৱ কৰা;
প্ৰকৃতিৰ এটি সুমধুৰ গান। 
কপৌৰ পাহে পাহে,নাহৰৰ পাতে পাতে,
জিলিকি ৰোৱা অসমীয়াৰ মান। 
ঢোলৰ সুৰীয়া গৰ্জন, 
পেপাঁৰ মিঠা কন্দন;
নাচনীৰ নাচোনৰ তাল,
বাঁহীৰ সুৰৰ লহৰে
বলীয়া কৰি তোলা;
ঢুলীয়াৰ তত্ নাই গাত। 
দীঘলতি, মাখিয়তী,তৰাৰ পঘাৰে
গৰু ম'হক কৰা প্ৰণিপাত,
নাহৰৰ পাতত লিখা ভক্তি ৰসৰ
মহাদেৱৰ মহা মন্ত্ৰ পাঠ। 
জেতুকাৰে ৰাঙলী দুহাত শুৱনি
আশি সূতাৰ গামোচাৰ ফুল,
ককাল শুৱনি কৰা টঙালীৰ ৰঙা ৰঙে
অন্তৰ কৰে বিয়াকুল। 
এশ এবিধ শাকেৰে ৰন্ধা ঔষধি তৰকাৰী
পৰুৱা টোপৰ সোৱাদলগা আঞ্জা;
পিঠা-পনা, দৈ গুৰে ভৰা
মালভোগ চিৰাৰ জলপান;
হুচৰিৰ আৰ্শীবাদ শিৰত লৈ
ৰং ধেমালীৰ মাজেৰে
জিলিকি ৰয় অসমীয়াৰ সন্মান। 
                           

✍️মানস জান শইকীয়া
 ৰঙামাটি চেউনী গাওঁ ,বাদুলিপাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)