বহাগেই বতৰ কিজানি-হেমেন হাজৰিকা

©Admin
0
যিদৰে প্ৰকৃতিয়ে
নিজক সজাইছে
নোৱাইছে ধোৱাইছে
নতুন আৱৰণ
নতুনৰ আৱাহন  
সময়ে কাণে কাণে কয় ।
ফুল
পক্ষী
বতাহ
বৰষুণ
সকলোৱেই সজাইছে
নিজকে ।
আমিও
মলিয়ন বস্ত্ৰ সলাই
নিজকে সজাই লওঁ
নতুন আৱৰণ পিন্ধি
নতুন হোৱাৰ
ব'হাগেই বতৰ কিজানি  ।।

         ▪️হেমেন হাজৰিকা
                 ৰাণী
         কামৰূপ ( ম  )অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)