পোৱাজনেই হে বুজিব নোপোৱাই কি বুজিব
পাই হেৰুৱাজনেই জীৱনত নীৰৱে কান্দিব
মা-দেউতাৰ জীৱন গাঁথা সুন্দৰ কাব্যিক ধাৰা
এইয়া যেন কবিৰ সৰগৰ অলকানন্দা
মা-দেউতা এনেকুৱা দুটা শব্দ
যাৰ মাধুৰ্য্যতাই জীৱনৰ সাফল্য
যি শব্দ বুকুৰ ভাঁজত ফুৰো কঢ়িয়াই
যাৰ অৰ্থ অভিধানত চাব নালাগে
হৃদয়ৰ ভাঁজত আছে ।
মা-দেউতা পবিত্ৰ মৰতৰ সৰগ
ভাগৰি ভাগৰি কেতিয়াও ভাগৰি নপৰে
আশাৰ সপোন কঢ়িয়াই
জীৱন গঢ়াৰ বাবে হয় লক্ষ্যৰ সোপান
দুখৰ মাজতো দুখ লুকুৱাই মাৰে সুখৰ হাঁহি।
দুই হাতৰ আঙুলিত ধৰি শিকাইছিল
খোজকাঢ়িবলৈ জীৱনৰ প্ৰথম খোজ
বাগৰি পৰিলে দুহাত মেলি সাবটি ধৰিছিল
যাৰ ঋণ জীৱন জুৰি নোৱাৰোঁ সুধিব
এইয়া মৰমৰ কলিজাৰ আমঠু মা-দেউতা----।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ