প্ৰবন্ধ-উন্নতি | সমুজ্জ্বল ডেকা

Rinku Rajowar
0
✍️সমুজ্জ্বল ডেকা, নিজ বড়িগোগ (ৰঙিয়া)

উন্নতিৰ জখলাত বগাবলৈ হ'লে প্ৰথমতে উন্নতিৰ জখলাটো আনৰ ওপৰত নিৰ্ভৰ নকৰি সক্ৰিয় হৈ নিজে বনাই লৈ মজবুত হৈছে নে নাই তাৰ বিবেচনা কৰিব লাগিব। মজবুত নহ'লে পিছলি পৰাৰ সম্ভাৱনা থাকে। সমাজত জীৱনত উন্নতি কৰা মানুহ অজস্ৰ বিদ্যমান। কিন্তু কিছুমানে নিজক আৰু মানুহক বুজি নোপোৱাৰ ফলত জীৱনত টকা-পইচা, ধন-সম্পত্তিৰে শান্তি লাভ কৰিলেও প্ৰকৃত শান্তি লাভ নকৰাৰ বাবে মানসিক অশান্তিত ভোগী থাকে। কাৰণ, কিছুমান মানুহৰ স্বভাৱ-চৰিত্ৰ চেনি আৰু নিমখৰ নিচিনা দেখাত বগা; কিন্তু সোৱাদ বেলেগ। স্বভাৱ ভাল হ'লে শান্তিৰ অভাৱ নহয়। যিবিলাক মানুহৰ মন নিকৃষ্ট প্ৰকৃতিৰ হয়, সেইবিলাক মানুহে জীৱনত উৎকৃষ্ট কাম কৰিব নোৱাৰে। যিমানেই সংঘাত নাহক কিয়, জীৱনত নিজ লক্ষ্য বা স্থিতিত অটল থকাটোৱে হৈছে সাহস। আজিৰ যুগত সাহসীয়াল নহ'লে বিৰোধী পক্ষই লাই পায়। গতিকে মানৱ জীৱনত মানসিক-শাৰীৰিক দুয়োটা শক্তিৰ প্ৰয়োজন। দুটা পক্ষৰ মাজত কাজিয়া লাগিলে যুক্তি সহকাৰে সমস্যা সমাধান হোৱাকৈ কৰিব লাগে। অৰ্থহীন বা অপশব্দ ব্যৱহৃত কৰিলে তৰ্কই সমস্যা বৃদ্ধিহে কৰে, সমাধান নহয়। আমি মাত্ৰ সুযোগৰ বগা ৰঙলৈ লক্ষ্য কৰিব লাগে। কাৰণ, সুখৰ ৰামধেনুৰ সাতটা ৰঙৰ সৃষ্টি বগা ৰঙৰ পৰাই হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)