মোৰ অবুজ হৃদয়খন,
মাথোঁ তোমাৰ কাষতেই।
তুমি কল্পনাৰ মইজনী
স্বাৰ্থপৰ ছোৱালী হ'লেও,
ও জান তুমি মোৰ বৰ প্ৰিয়।
অভিমানী তোমাৰ মুখখন
নিষ্পাপ শিশুৰ দৰে,
মই চাই হাঁহিবৰ মন কৰে।
কাজিয়া কৰোঁ যদিও
ভালপোৱা আছে অসীম,
মোৰ কোমলীয়া হৃদয়ত।
খং নো কৰা কিয়
মোৰ প্ৰতি এনেকুৱা?
পিছত আকৌ আঁকোৱালি লোৱা।
এদিন চাগে এনেকুৱা আৰু
তুমি ক্ষমা নকৰিবা,
মোৰ এই সমাধানহীন মনক?
সেইদিনাও মৌনতাৰে থাকিম
স্মৃতিৰ কল্পনাৰ সাগৰত,
তোমাকেই মনত কৰি।
◾শিল্পী দাস
ভালুকমাৰী ৰাণীপুখুৰী, নগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ