ক্ৰমে হেলনীয়া হৈ গৈ আছে
লাখুটিডালত ভেঁজা দি খুপিখুপি হ’লেও
মই মোৰ ঠাইতে ৰৈ আছোঁ
মোৰ হাতৰ লেমটোৰ ক্ষীণ পোহৰ
অসীম আন্ধাৰত ফিৰিঙতি এটাৰ দৰে ফুটি আছে
পৰম বন্ধু বুলি ভেটি কৰা লাখুটিডালে
উজুটি বিজুতি খাইও মোকে ধৰি আছে
ইতিমধ্যে চহৰৰ সকলো লাইট নুমাই দিয়া হৈছে
নমাই দিয়া হৈছে দুঃসাহসী কোনো ডেকাই পতা আকাশবাতীবোৰো
তথাপি মোৰ কাষেৰে নিৰ্বিবাদে পাৰ হৈ গৈ আছে
ভিন্ন বেশভূষাৰ চিনাকি অচিনাকি
সৰু বৰ অনেক মুখ
(মুখ চাই মানুহ কোন চিনিব নোৱাৰি )
মুখবোৰত উদ্বেগৰ কোনো আঁচোৰ নাই
খোজবোৰতো দ্বিধা সংকোচৰ নাই লেশ
বিপৰীতে মুখত আছে
বেপৰোৱা হাঁহি
আৰু খোজত ছন্দায়িত গতি
লাহে লাহে গোটেই মানুহবোৰৰ ভৰিত
বাজি উঠিছে বুটজোতাৰ গিৰিপ গিৰিপ সংগীত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ