চৌখিন অহংকাৰ- অনন্ত কুমাৰ ভূঞা

©Admin
0
চৌখিন অহংকাৰ
কিমান দিনলৈ থাকিব
জ্যোতিষীয়ে ক'ব নোৱাৰে
সাধনাৰ জীৱনত 
গৰ্বিত মনে কেতিয়া 
সজাল ধৰে কোনেও নাজানে 
লেটিপেটি হৈ সময় বাগৰে
পৰলোকলৈ কি লৈ যাম
তাৰ তালিকা কোনে বনাব  
কিমান অভিশাপ লভিছোঁ‌
সেই খিনি 
আশ্ৰয়হীন হৈ ইয়াতে থাকিব
মৃত্যুৰ পাচত 
অহংকাৰ ক'ত জিৰাব 
বিতোপন আট্টালিকা এদিন 
শূন্যতাই আগুৰি ধৰিব 
মজিয়াত ভেঁ‌কুৰ লাগিব
বিভূতি বৈভৱ পৰি থাকিব  
সাঁ‌চতীয়া অহংকাৰে 
ঠেকেচি পেলাব মন
এদিন 
আত্মা উৰি গুচি যাব 
সকলোৱে হুৱাদুৱা কৰি
বগা কাপোৰেৰে ঢাকিব
আত্মা বিহীন শৰীৰ
চৌখিন অহংকাৰ অনাথ হ'ব।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)