তুমি আছা বাবেই মই-মানস জান শইকীয়া

©Admin
0
আকাশ বিশাল সুকোমল ৰ'দালি

জীপাল কৰা তোমাৰ সঁহাৰি,

টোপাল টোপাল বৰষুণৰ ধেমালী

পূৰাবা মোৰ জীৱনৰ কোঠালী। 

তুমি আছা বাবেই মই আছো

তোমাৰ মৰমৰ টোপোলা বুকুত লৈ,

তুমি জানো বুজিও নোবুজা

তুমিযে মোৰ আপোন সদায়,

চিৰদিন চিৰকাল আছা

মোৰ সৰগৰ পাৰিজাত ফুল হৈ। 

তুমি মানেই মই,মই মানেই তুমি

মোৰ ৰূপালী জোনাকৰ পোহৰ,

সাগৰ নীলা দুচকুত তোমাৰ

প্ৰকাশিত হয় মৰমৰ ডাঁৱৰ। 

               

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)