মানৱ হ্‌ -ৰেণু শৰ্মা

©Admin
0
উস্! নাৰীৰ প্ৰতি ইমান বিদ্বেষ! 
আকাশৰ সীমা ভেদি
বিদ্বেষৰ  জুই ফিৰিঙতিয়ে, স্বৰ্গৰ দ্বাৰ পোৱা গৈ নাইনে? আৰু কিমান পাপত
ধৰ্মৰ গ্লানি হ'ব? 
এতিয়াও কি পৃথিৱীত
অধৰ্মৰ অভ্যুত্থান হোৱা নাই? নাৰীৰ মাংস লোভী নৰপিশাচ হ'ত! তহঁত জানো নাৰীৰ পৰা জন্ম হোৱা নাই
তহঁতৰ জানো বাই ভনী নাই ? সহস্ৰ নিৰ্যাতীতা, নিপীড়িতা
নাৰীৰ শাপত
তহঁত এদিন ভষ্ম হ'বি
তহঁতৰ পাপৰ বোজা সহিব নোৱাৰি
ধৰিত্ৰী কম্পমান হৈছে 
দেশে দেশে ভূমিকম্পহৈ লাখ লাখ
মানুহ হৈছে গৃহহীন
নদীৰ পাৰ খহি পৰিছে
গিৰিশৃঙ্গৰপৰা
হিমবাহ বাগৰি আহিছে
মানুহৰ প্ৰাণ ল'বলৈ। 
 মহাপ্ৰলয় আহি আছে
পৃথিৱী ধ্বংস হ'বলৈ 
আৰু বেচি পৰ নাই। গতিকে দানৱৰপৰা
মানৱ হ।

🔴ৰেণু শৰ্মা,ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)