বহাগ-আলতাব হুছেইন

©Admin
0
চ'ত মাহে পুৰণি বৰ্ষৰ অন্ত পেলালে
ব'হাগ মাহে নৱবৰ্ষক আদৰি ল'লে
ব'হাগ আহিছে বুলি
ধুমুহা-বৃষ্টিয়ে আগজাননী দিলে

ব'হাগ আহিলে
লঠঙা বিৰিখে সেউজীয়া সাজ পিন্দে
সেউজীয়া পাতৰ আঁৰে আঁৰে 
কুলি-কেতেকীয়ে সুৰীয়া গীত জুৰে
ব'হাগ আহিছে বুলি
তগৰ ,কপৌয়ে মাৰে  মিচিকিয়া হাঁহি 

বহাগক আদৰিবলৈ‌ ডেকা গাভৰুসকলে
চৌদিশে উখল-মাখল পৰিৱেশৰে
বিহুৰ আয়োজন কৰে

ঢোল, পেপাৰ গগণ কঁপোৱা শব্দই
আকাশ ,বতাহক মুখৰিত কৰি তুলে
জীৱৰী,বোৱাৰী ডেকা গাভৰু,
ককা আইতা আৰু কণমানি হঁতে
বিহুৰ আনন্দত মহুৰা হৈ নাচে

নাচনীৰ মুখে - মুখে
বিহু গীত বাজে
সেউজীয়া পাতৰ আঁৰে আঁৰে
মায়াবী কুলিয়ে কুউ কুউ কৰি নাচে 
এনেকৈয়ে ভিন্ন ৰূপলৈ ব'হাগ 
পদূলীমূখত আহি পৰে।


*আলতাব হুছেইন                                   যমুনামুখ,‌ নগাঁও*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)