ব'হাগী-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
আকৌ আহি পালেহি
বাপতি সাহোন ব'হাগ বিহুটি
নানা জাতি উপজাতি
সৱে মিলিজুলি আদৰিব
 ঐক্য আৰু সমন্বয়ৰ এনাজৰীৰ
চেনেহৰ ব'হাগ বিহুটি।
চৌদিশে বাজি উঠিছে
ঢোল পেঁপা গগনা
বাৰীৰ কপৌ ফুল জুপি
ডালভৰি ফুলিছে
গছৰ ডালত কূলিজনীয়ে
সুৰীয়াকৈ গীত জুৰি মন 
মতলীয়া কৰি আপোনপাহৰা কৰিছে।
তুমি চেনাই আহিবা ঢোলটি কান্ধত লৈ,
ঢোলৰ চেৱে চেৱে
ব'হাগৰ ৰাংঢালী নাচনী হৈ নাচিম
তালৰ শালৰ বিহুৱান খনি
তোমাকেই ব'হাগত যাচিম।

*দিপশিখা ৰাজকোঁৱৰ।*

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)