কাহিনীটো আৰম্ভ কৰাৰ আগতে বেলেগ অলপ কিবা অলপ কৈ লও আৰু । মোৰ আৰু কাহিনীবোৰ কেতিয়াবা বৰ খৰতকীয়াকৈ যায় । যেনে সেই ভজোৰ ষ্টেচনত উঠিছিলোঁ হৈ ঘপহকৈ পালেগৈয়েছোন । নেকি হাহি উঠিছে মোৰ নিজৰেই আপোনালোকৰো নিশ্চয় হাঁহি উঠিছে । হাঁহক হাঁহক একো নাই । কেতিয়াবা কাহিনীবোৰত কান্দিব ও লাগে হাঁহিব লাগে আকৌ কেতিয়াবা কাহিনীবোৰ ভাবিব লাগে নেকি? ওকে আৰম্ভ কৰোঁ পিছৰ খিনি।
ও হৰি ! ও ৰাম
ক্ষীৰোদ মহনৰ কাহিনীটো
আৰম্ভ কৰো আহ ঐ আহ
ক'ত আছিলোঁ বাৰু ? ও মনত পৰিছে ৰাহুলে যে খাবলৈ ওলাই গৈছিল নহয় নে বাৰু?
সি লগৰটোৰ লগত পৱিত্ৰ গঙ্গা নদীৰ পাৰে পাৰে অলপমান সময় ফুৰিলে। তাতে অনুভৱ কৰিলে সি ভক্তৰ বাবে গঙ্গা মা কিমান পৱিত্ৰ। সচাকৈ গঙ্গা পাৰত যি ক্ষন্তেক সময় বহিছিল ৰাহুলে লগৰটোৰ লগত । তাৰ মনতো সিমানেই উৎফুল্লিত হৈ উঠিছিল । গঙ্গা নদীতে হাত মুখ ধুই সিহঁতে ওচৰৰে হোটেল এখনত উখোৱা চাউল( বৰা ধান Boiled কৰি সেই ধানৰ পৰা বনোৱা এবিধ চাউল) ,দাইল আৰু গৰম গৰম ব্ৰইলা মাংসৰে তৃপ্তিৰে এসাজ খাই হাওৰা ব্ৰীজ অৰ্থাৎ ৰবীন্দ্ৰ সেতু চাবলৈ গল । হাওৰা ব্ৰীজ চাবলৈ গলেতো নহ'ব তাৰ বিষয়তো জানিবও লাগিব। ১৯৪৩ চনত কাৰ্যনিৰ্বাহ কৰা। এই দলংখনৰ নাম প্ৰথমে নিউ হাওৰা দলং ৰখা হৈছিল, কাৰণ ই হাওৰা আৰু কলকাতা (কলকাতা) চহৰক সংযোগ কৰা একেটা স্থানতে পণ্টুন দলঙৰ ঠাই লৈছিল। হুগলী নদীৰ চাৰিখনৰ ভিতৰত এখন দলং কলকাতা আৰু পশ্চিম বংগৰ বিখ্যাত প্ৰতীক। আন দলংসমূহ হ’ল বিদ্যাসাগৰ দলং, বিবেকানন্দ দলং আৰু তুলনামূলকভাৱে নতুন নিবেদিতা দলং। ইয়াত দৈনিক প্ৰায় এক লাখ বাহন আৰু সম্ভৱতঃ ১ লাখ ৫০ হাজাৰতকৈ অধিক পথচাৰী যাতায়ত হয়,সহজেই ই বিশ্বৰ আটাইতকৈ ব্যস্ত কেন্টিলিভাৰ দলং নিৰ্মাণৰ সময়ত তৃতীয় আটাইতকৈ দীঘল কেন্টিলিভাৰ দলং,হাওৰা দলং বৰ্তমান বিশ্বৰ এই ধৰণৰ ষষ্ঠ দীঘলীয়া দলং।১৯৬৫ চনৰ ১৪ জুনত প্ৰথম ভাৰতীয় আৰু এছিয়ান নোবেল বঁটা বিজয়ী মহান বঙালী কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে ইয়াৰ নাম ৰবীন্দ্ৰ সেতু ৰখা হয়। বেছি নাজানো দলং খনৰ বিষয়ে । কৰ্মস্থলীত কলকাতাৰ এজন ব্যক্তিৰ পৰা সুধি সুধি ইমান খিনি পালোঁ। বাৰু হ'লগৈ ইমানতেই। তাৰ পাছতে আৰু এটা কথা। আমি যে হিন্দী চিনেমাত পুৰণা সেই বাছবোৰ দেখো। ৰাহুল বেঙাই ভাবিছিল বোলে সেইবোৰ বনাই লয় বুলি। যেতিয়া সি কলকাতাৰ সেই পুৰণা বাছবোৰ আৰু টেক্সীবোৰ দেখিলে তেতিয়া সি লগৰটোক ক'লে বাবা দেখা সেই বাছ আৰু টেক্সীবোৰ যিবোৰ আমি চিনেমা দেখাবোৰৰ দৰে ন। বাৰু সন্ধিয়া হৈও আহিল গতিকে দুয়ো পুনৰ ষ্টেচনলৈ ঘূৰি গ'ল । বহি আছে চাৰি /পাঁচ ঘন্টা। এখনৰ পাছত সিখনৰ পাছত ৰে'ল আহিছে । তেতিয়া ৯ বাজিছে। সেইসময়ত বাজিল নহয় মাইকটো । Dear Passenger attention please.. Azad Hind Express from Howrah to Pune is waiting at platform number 8.. Please Come Fast.. নিজৰ নিৰ্দিষ্ট ডবাটোলৈ আগুৱাই গ'ল সি । লাগিব এতিয়া লেঠা তাৰ। ভাবি পোৱা নাই কি হৈ গ'ল সিহঁত দুটাৰ । ৰেলত দূৰণিলৈ গ'লে সাৱধান হ'ব লাগে দেই। কি অসুবিধা হ'ব পাৰে বাৰু সিহঁতৰ? বহি আছে মুখা মুখিকৈ দুয়ো চিততে পাইছে দুয়োয়ে। ষ্টেচনত টিকেত কটাৰ সময়ত ষ্টিচেনত ক'লে তোমালোকৰ টিকেত Confirm হৈ গ'ল কিন্তু কি হ'ল নাজানো।। ৰে'ল খন ষ্টিচেন ৰ পৰা এৰিব হৈছে আৰু অলপ ২০ মিনিট আছে সেই সময়তে ক'ৰ পৰা আহিল জানো দুজন জেষ্ঠ ব্যক্তি দুয়োজনে দাবী কৰিলে যে সেই দুটা আমাৰ ঠাই গতিকে আমাক দিব লাগে। ৰাহুল এও দেখিলে যে সেই চিটতোত সিহঁতৰ নামেই নাইকিয়া হ'ল । বেছি তৰ্ক নকৰি টিকেট পৰীক্ষক জনক লগ কৰিবলৈ গ'ল ৰাহুলে । পৰীক্ষকে ক'লে ৰ অলপমান সময়। ৰবলৈ কৈ পৰীক্ষকজন কত গ'ল আৰু গ'ল । ৰাহুলৰ মূৰতো গৰম হ'ল নহয় । চাৰি ৰাতি কি থিয় হৈ যাব নেকি সিহঁত কি যে হ'ব এতিয়া সিহঁতৰ।
কি হ'ল সিহঁতৰ বাৰু ??? যি হ'ব গৈ আছে নহয় সেইটো মই আৰু আপুনি বুজি নাপাব অকল সিহঁতে হে ভালদৰে জানিব।
ৰাহুলেটো ৰে'লৰ পৰা নামি ঘৰলৈ ঘূৰি যাবলৈ ল'লেই..। ভাল লগৰকেইটাই ধৰা লৈ গ'ল বুলিহে। ও ৰাম আপোনালোকক অসুবিধা টো কোৱা হোৱাই নাই নহয়। নিশ্চয় অনুমান কৰিছে পকেটমাৰিলে।নহয় ও সেইটো সিহঁতৰ টিকেটটো অপেক্ষাত ৰৈ গ'ল । কি হৈছে আৰু ধৰিব পৰা নাই। সিহঁতৰ অকল এটাই চিন্তা কেনেকৈ যাব। এদিন নহয় চাৰি দিনকৈ। উপায় নাই বোলে কথাএষাৰ আছে নহয় কিবা পাবলৈ হ'লে কিবা এটা এৰিব লাগিব বা কৰিব লাগিব। উপায় নাই থিয় হৈয়েই গৈ আছে। লগৰটোক ক'লে তই যা ক'ৰবাত চিট খালি আছে নি চাচোনগৈ । লগৰটোৱে গ'ল অৱশেষত এটা চিট খালি পালে দুয়োয়ে তাতে বহি ল'লে। বেগ বোৰ আগৰ চিটটোতে এৰি থৈ আহিল মৰা কেইটাই। তাতে কিবা এটা খাই ল'লে দুয়োয়ে। উপায় নাই লোকৰ চিটতে শুই গ'ল দুয়োটাই। ইফালে আকৌ ঠাণ্ডা। নিজৰ চিটৰ দৰে শুই আছে দুয়োটাই। বাহিৰত নিশ্চয় কাউৰীবোৰে কা কা কৰি পোৱাৰ আগজাননী দিলে। দুইজনে শুই উঠি মুখ হাত ধুই বহি লৈছে চিটতে । আহিল নহয় গৰম চিঙৰা আৰু চাহ । দুয়োৱে খাই ল'লে চাহ আৰু চিঙৰা। সিহঁতৰ দৰে একেই অৱস্থাত পৰা আৰু দুজন মানুহ আহিল তলতে কাপোৰ পাৰি তাতে শুই ল'লে।।। উপায় নাই এনেকৈয়ে যাব লাগিব। হ'ল নহয় আকৌ এটা কথা । কোনোবা এটা ষ্টেচনত চাৰি পাঁচজন ব্যক্তি ৰাহুলহঁত থকা ডবাটোলৈ গ'ল। ৰাহুলহঁতক ক'লে ভাইয়া উঠা এইটো আমাৰ চিট। লোকৰ চিটকলৈ কিনো দাবী কৰিব দি দিলে চিটটো। এইবাৰ দুয়ো চিটৰ অনুসন্ধানত নামি পৰিল। আগলৈ.....
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ