চাহ আৰু ৰেচম-ডাঃ মৃদুল চন্দ্ৰ শৰ্মা

©Admin
0
এক অদ্ভূত যুগলবন্দি । ইটোৰ লগত সিটোৰ মিল নাই । জন্ম মোৰ চাহবাগিচাত । পদূলিত দুজোপা ওখ কেচেৰু গছ থকা মনত আছে । সন্মূখত থকা বাইদেউৰ ঘৰত এৰী পলু পোহে আৰু মাজে মাজে আমাৰ ঘৰৰ কেচেৰু পাতলৈ যায় । ডাঙত ওলোমাই ৰখা কেচেৰু পাত পলুবোৰে গোগ্ৰাসে খোৱা দেখি বিস্মৃত হৈছিলো । বিশেষ একো বুজি পোৱা নাছিলো । এদিন মোৰ জীৱনৰ জীৱিকা এই ৰেচমতে হ'ব বুলি ভুলতো ভবা নাছিলো। এটা কথা মন কৰিছিলোঁ। চাহ বাগিচা বিলাকত বহুতো এৰা গছ পোৱা যায় ।  বহুতো চাহবাগিচাৰ কৰ্মচাৰীৰ ঘৰত এৰী পলু পোহা হৈছিল। উজনি অসমৰ সোনোৱাল কছাৰী, মৰাণ, মটক আদি লগৰ ল'ৰাৰ লগতে শৈশৱ অতিবাহিত হৈছিল। তেওঁলোকৰ প্ৰায় বিলাক ঘৰতে এৰী পলু পোহা হয় । সেইসময়ৰ এৰী সূতা টাকুৰীত কাটি মাত্ৰ এৰী চাদৰ বোৱা দেখা পাইছিলো । সময়ৰ সোঁতত আগবাঢ়ি যাওঁতে বহুত পৰিবৰ্তন দেখিবলৈ পালো । বৰ্তমান এৰীৰ পৰা বিছনা চাদৰ, পৰ্দা, চকীৰ কুচনৰ পৰা আৰম্ভ কৰি মোজা, টুপি আদি বিভিন্ন সামগ্ৰী আৰু বিভিন্ন ধৰণৰ পিন্ধা বস্ত্ৰ তৈয়াৰ কৰা হৈছে । এসম‌য়ত এৰী লেটা খোৱাটো কিছুমান মানুহৰ মাজত সীমাবদ্ধ আছিল যদিও আজি ইয়াৰ খাদ্য গুণ আৰু সুস্বাদুৰ বাবে বহুতৰ মাজত এক জনপ্ৰিয় খাদ্য । দৰাচলতে মুগা ৰেচমৰ লগত চাহখেতিৰ সংঘাট আৰম্ভ হৈছিল । বিহন্নলাৰ দৰে বাঢ়ি অহা ক্ষুদ্ৰ চাহখেতিৰ পৰা উপাৰ্জনৰ সুবিধা দেখি বহুতে চাহখেতি কৰিব ল'লে।‌ ঘৰৰ পদুলিৰ ফুলনি, শাকনি গুচি চাহ বাগিচা হ'ল।‌ কিন্তু সাধাৰণ কৃষকে আয় ব্যয়ৰ অনুপাত বুজি নাপায় পাত বিক্ৰী কৰি পোৱা টকাকে লাভ বুলি ধৰি ল'লে। কিন্তু দৰাচলতে ব্যয়ৰ অনুপাতত আয় বৰ বেছি নহয়। পুৰণি মুগা চোমনি উঠাই চাহ খেতি কৰিব ল'লে। ফলস্বৰূপে এটা পৰম্পৰাগত লাভজনক কুটিৰ উদ্যোগটিৰ উত্থানত হেঙাৰ হ'ল। চাহ বোৰ্ডৰ দ্বাৰা অনুমোদিত নোহোৱা কীটনাশক দ্ৰব্য উচ্চ হাৰত ব্যৱহাৰ কৰাৰ ফলত বহুতৰ মুগা পলুৰ ক্ষতি হ'বলৈ ধৰিলে ।‌ চাহৰ অনিষ্টকাৰী কীট নিধন কৰিবলৈ প্ৰয়োগ কৰা কীটনাশকে সমীপৱৰ্তী মুগা পলুৰ বিস্তৰ ক্ষতি কৰে ।‌ কিন্তু পৰবৰ্তী কালত চাহপাতৰ মূল্য মাজে মাজে হ্ৰাস হোৱাৰ ফলত বহুতো ক্ষুদ্ৰ চাহখেতিয়ক হতাশাগ্ৰস্ত হোৱা পৰিলক্ষিত হ'ল। কিন্তু তাৰ ব্যতিৰকে মুগাৰ মূল্য উদ্ধগামী হোৱা দেখা গ'ল। এটা কথা ঠিক অসমৰ অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ স্থান লোৱা চাহ আৰু ৰেচম দুয়োটা প্ৰয়োজন। এটা ইতিবাচক দিশ লক্ষণীয় যে, জৈৱিক চাহখেতি কৰা বহুত কৃষকৰ চাহখেতিৰ লগতে মুগা, এৰী খাদ্য বৃক্ষ লগোৱা দেখিবলৈ পোৱা গৈছে । চাহ ৰেচমৰ তথাকথিত সংঘাট এইদৰে জৈৱিক কৃষিৰ দ্বাৰাই সমাধান কৰিব পাৰি । ইয়াৰ উপৰিও কীটনাশক ঔষধ ব্যৱহাৰ মুগা পলুৰ ক্ষতি নোহোৱাকৈ সময় মিলাই কৰিব পাৰিলেও এই সমস্যাৰ সমাধান কৰিব পাৰি।‌


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)