এক মিঠা অনুভুতি
মিঠা শিহৰণ ।
ফাগুনৰ
সৰাপাতৰ অৱসান ঘটাই
বহাগ আকৌ আহি পালে নঙলামুখ ।
চৌদিশে মাথোঁ বসন্ত
দূৰৈৰ পৰা ভাঁহি অহা শীতৰ শেষৰ
মৌচুমী বতাহ জাকে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি ।
নৱতম সৃষ্টিৰ নৱ উন্মেষণ
সৃষ্টিৰ গজালিৰ সজীৱতাই
ভৰাই তুলিছে সকলোৰে দেহ মন ।
স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি
নতুন হৈছে কবিতাৰ ।
ধৰিত্ৰী আই আজি
নসাজ পিন্ধিছে
তাকে দেখি সেউজীয়াই
সপোন ৰচিছে ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ