মেঘৰ মাদলৰ দেৱে দেৱে ইচ্ছাৰ বহুৰঙী
আল্পনা!
বৰষুণৰ আমন্ত্ৰনত সগৰ্ভ নদীখনে পিন্ধি লয়
বহাগৰ মুগা ৰিহা মেখেলাৰ সাঁজ,
উতলা ঢৌৱে ঢৌৱা উটি আহে বসন্তৰ
মখমলী সপোনৰ তৰঙ্গমালাৰ নাচুন।
মৌ প্ৰিয়া চৰাইটোৱে সৰাই থৈ গল
ফাগুনৰ পলাশ শিমলুৰ ৰঙাফুলবোৰ.......
কঁকাল ভাঙি ভাঙি বাৰিষা নদীখনৰো
ৰঙা আঁচুবুলিয়া নাচনী হৃদয় ।
বহাগৰ জাক জাক বৰষুণত
সৰি পৰিছে
জেতুকাৰঙী আৱেগৰ বিহুৰ এটি সুৰ.........
ফুলে ফুলে সানি দিছে বৰ্হমথুৰিসনা ৰঙা ওঁঠত
সুখময়ী সুৰীয়া গানবোৰ।
কুমলীয়া ঘাঁহনিডৰা , সেউজীয়াত ডুবি থকা
পিতনিৰ দল ঘাঁহবোৰে
মেলি দিছে
সেউজীয়া হাতবোৰৰ
শাখা প্ৰশাখা,
তৰানি খনত ওমলী আছে দুপৰৰ বহাগৰ ৰদ
বহাগৰ গছৰ সেউজীয়া পাতবোৰত
কোনে গাঁথি দিলে উলহী আনন্দৰ তেজী সপোন।
বুকুত তাতবাটি কৰিছেহি
ৰঙা আঁচুবুলিয়া এমুঠি আশাৰ বুটা বচা
সেউজীয়া বহাগৰ এখনি চাদৰৰ মায়াই,
কেঁচা কলিজাত কোনে বজাই বসন্তৰ
সোণালী ৰহনৰ গীতবোৰ ......... ?
বুকুত উজাৰ খাই আহে উজনীয়া মাছৰ দৰে
বিহুগীতৰ অন্তহীন সুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ