গান্ধাৰ পুত্ৰ শকুনি- এছ ইছলাম

©Admin
0
প্ৰাচীন ভাৰতৰ
ৰাজপাট হস্তিনাপুৰৰ
মামা শকুনি কৌৰৱকুলৰ
কি দোষ আছিল সিহঁতৰ ? 
কৌৰৱসকলে 
হস্তিনাপুৰৰ ৰাজ সিংহাসনত
শাসনৰ বাঘ জৰি হাতত পাই
ক্ষমতাৰ অপব্যৱহাৰ কৰি
তিলতিলকৈ মাৰিছিল
শকুনিৰ পিতৃ-মাতৃ 
লগতে নিৰানব্বৈ সহোদৰ 
কি দোষ আছিল সিহঁতৰ ? 

গান্ধাৰ পুত্ৰ শকুনি
প্ৰতিশোধৰ দাবানলে 
উমি উমি তুঁহ জুইৰ দৰে
পুৰি মৰিছিল। 
শকুনিৰ অন্তৰাত্মাই
সেয়ে পাশা খেলত চক্ৰান্ত কৰি
হৰুৱাইছিল পাণ্ডৱ সকলক। 

সিমানতে ক্ষান্ত নাথাকি
ৰজঃস্বলা নাৰী দ্ৰৌপদীৰ 
বস্ত্ৰ হৰণ কৰি
পাপৰ সীমা অতিক্রম কৰিছিল। 
কুৰুক্ষেত্ৰ মহাৰণৰ খল নায়ক
শকুনিৰ কুট পৰামৰ্শত
কৌৰৱ সকলৰ বাঢ়ি গৈছিল দম্ভালি
কুৰুক্ষেত্ৰ মহাৰণত
তেজৰ নৈ বোৱাই দিছিল। 

গুৰু দ্ৰোণাচাৰ্যৰ দৰে গুৰুকো 
এৰা নাছিল
তিলতিলকৈ নিহত হৈছিল
সিহঁত নিৰ্দয়ভাৱে। 
এশ গৰু মাৰিলে বাঘৰো মৰণ
কৌৰৱ সকলৰ ক্ষেত্রত 
ব্যতিক্রম নহ'ল
এক দলিত দুই পখী মাৰিলে 
গান্ধাৰ পুত্ৰ শকুনি মামাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)