নিয়ৰ সৰাৰ দৰে
পদূলিৰ দুৱৰি বনত
জোনাক ভৰা নিস্তব্ধ নিশাত
হৃদয়ৰ নিভৃত কোণৰ পৰা
নিগৰি আহে
কলমৰ ঠোঁটেৰে
এটি এটিকৈ
শব্দ-শৈলীৰ দলিচা
হৃদয়ৰ উকা পৃষ্ঠাত
কবিতা প্ৰেমিক মই
যদিও কবি নহয়
মোৰ অনুভৱৰ সমুদ্ৰত
শব্দৰ জোকাৰণি উঠে
খোজে প্ৰতি যেন
শব্দবিৰ মোৰেই ছায়া
গঢ়ি উঠে কবিতাৰ কায়া...
কবিতা হৈছে শত-সহস্ৰ
কবিৰ প্ৰাণ
উকা পৃষ্ঠাত অপশব্দ ব্যৱহাৰে
কোনোৱে ধ্বংস কৰে
আচল কবিৰ মান
ছন্দৰ তালে - তালে
বাজি উঠে শব্দৰ খেল
কবিৰ অনুভৱত
নতুন - নতুন শব্দৰ মেল
য'ত শব্দৰ গঢ় লৈ
উকা পৃষ্ঠাখনত
বৈ যায় কলমৰ নৈ
আচলতে
কবিতাৰ প্ৰেমিক মই।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ