বসন্ত-নৱজিৎ নাথ

©Admin
0
বাউলী ফাগুনৰ ধুলিয়ৰী  

 পৃথিৱী লৈ নামি আহে,

বসন্তৰ সেউজীয়া প্ৰতিশ্ৰুতিৰে 

বোকাছাত নামে বৰষুণে সম্ভাৰৰে।।  

বসন্তই পৃথিৱীক জীপাল কৰি

 তাত সেউজীয়া সেউজীয়া দলিচা পাৰি ।

 আৰু মুদৃং মলয়াৰ এজাক বাহ লাগি

   মানুহৰ মন নাচি উঠে উলাহত ।।      

   

গছ বিৰিখৰ ডালে ডালে 

মুক্ত বিহংগৰ সুৱদী সুৰীয়া সুৰেৰে,

বোৱাই আনে পৃথিৱীলৈ মাজলৈ

এক অনাবিল শান্তি সমৃদ্ধিৰ 

আৰু আনন্দৰ এটি নিজৰা ।।                      



 বসন্ত ই হ'ল এক            

 নতুন সৃষ্টিৰ এক অনুৰনন ।      

 প্ৰকৃতিৰ সেউজীয়া আবৰন 

 পিন্ধি বসন্তই হয় বিনন্দীয়া ।। 

আৰু বসন্তই সকলো দশোদিশ 

 শোভাই পৃথিৱীলৈ বোৱাই আনে,

  সমগ্ৰ জীৱ -জগতৰ মাজত 

  এক জীপাল অনুভৱৰ বতৰা।। 





বসন্তৰ আগমনত প্ৰাক্ ক্ষনত,

প্ৰকৃতি জগত নতুন ৰূপত জাগৰিত হয়।

তাত,কুলি-কেতেকীৰ মৌসনা মাতত, 

ভোমোৰা সুৰৰ গুজন‌ সুৰত, 

কপৌ ,নাহৰ,তগৰৰ সুগন্ধিৰ  

 সুবাসত মন হয় মতলীয়া।।  

 

বসন্তই সদায় আনে,  

অসমীয়া বাপতি সোহান

 হেঁপাহৰ ৰঙালী বিহুটি, 

 তাত ঢোলৰ শব্দত, 

পেঁপা আৰু বাঁহীৰ সুৰত 

গগনা আৰু লাহৰীৰ চেৱত ,       

ডেকা -গাভৰুৰ নাচোন তালত । 

বিহু সুৰীয়া গীতৰ মাজত  

প্ৰাণ পাই জীপাল হৈ উঠে ।

হেঁপাহৰ ৰঙালী বিহুটি ।। 

 

ফাগুনৰ পছোৱা বতাহে অনা,             

 কৃষকৰ দুখ বেদনা দুৰ কৰি, 

 বসন্ত ই সদায় আনে বৰ্ষা স্পৰ্শি  

 পথাৰ মাজলৈ সৃষ্টিৰ আৰম্ভণিৰ সংবাদ।।

 বসন্তই সদায় নতুন ৰূপৰে 

  নতুন উদ্দীপনাৰে জাগৰিত হৈ উঠক, 

  পৃথিৱীৰলৈ সদায় বোৱাই আনক

  এমুঠি সেউজীয়া সেউজীয়া 

  নতুন সপোনৰ সম্ভাৰৰ বতৰা ।।

  



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)