অনুৰাধা তাই-শৰ্মিষ্ঠা বৰা

©Admin
0
বৰ্ষাই কি দৰে যে চুই যায় ,
তাইৰ আকাশ নীলা বুকুত সাগৰ নীলা কৰি 
সমীৰ হৈ বিয়পি যায় ।
সপোনৰ সিপাৰৰ অচিনা বাটটোত
এন্ধাৰ ভেদা ডাৱৰীয়া নিশাৰ জোনাকত
অপেক্ষা নামানা অভিমানী জুৰিটি হৈ 
তাই বৈ যায় !
হেৰুওৱা বেলিৰ ঠিকনা নাই যদিও 
আবেলিবোৰ তাইৰ প্ৰিয় ! 
এন্ধাৰ হ'লেও ..
জোনাকবোৰ তাইৰ আপোন ! 
অনুৰাধা তাই ..
কোনোবা সাহিত্যিকৰ সপোনৰ !
সেন্দুৰীয়া আকাশ...
কোনোবা নৈপৰীয়া আবেলিৰ দাপোনৰ ।
অভিমানৰ সাগৰখনৰ একমাত্ৰ দ্বীপটো তাই ,
জীৱন অভিধানৰ জীয়া আখৰ !
চকুলোৰ পৰিসীমাত , হাঁহিৰ অচোঁৰ ।
শক্তি সাহসৰ , তাই ...
এক অনুৰাগী দিঠকৰ।


◾শৰ্মিষ্ঠা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)