লুকা-ভাকু খেলা জোনৰ আঁৰত
তপত অগ্নিসম
জ্বালামুখী বিস্ফোৰণত
লাভাৰ নৈ বৈ আহিছিল
ডাৱৰীয়া আকাশৰ মাজেৰে,
পাছত বন্ধু এজনে খবৰ দিছিল আকাশৰ আকৰ্ষণ গলিছে ,
ততালিকে মাৰ কাষত গৈ
চিঞৰি আছিলোঁ
“ আই ! বিপদে বীণা বজাই
সময়ৰ উপাসা নাই...”
মায়ে নিৰ্ভীকে উত্তৰ দিছিল
“ সোণ, আকাশৰ সেই বেলিটো গলে পলে পলে
তোৰ-মোৰ কথা চিন্তা নকৰে কোনো কালে ”
মই আচৰিত হৈছিলোঁ
তৎক্ষণাৎ !
নীলমণিয়ে চিঞৰি উঠিছিল
“ সূৰ্য্য হেনো নামি আহে এই নদীয়েদি ”
◾সুশান্ত দাস, শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ