নাৰী বোঁৱতী নৈ- আলতাব হুছেইন

©Admin
0
বিশ্বখনিকৰ শ্ৰেষ্ঠ সৃষ্টি 
সৌন্দৰ্য্যৰে ভৰা মমতাময়ী নাৰী 
এজাক প্ৰেমৰ বলিয়া বতাহ বিচাৰি
সময়ত যায় আগবাঢ়ি ।

নিজৰ বিৰহ - বেদনা 
ঘাত -প্ৰতিঘাত বুকুত সামৰি
আপোন ঘৰখনৰ আপোনত্ব এৰি 
আনৰ অন্ধকাৰ জীৱন 
সুখি কৰি পোহৰ বিলাবলৈ ।

নাৰী এখন বোঁৱতী নদীৰ দৰে 
সুখ-দুখ পাহৰি 
বৈ যায় নিৰৱধি
প্ৰেমৰ এখন বোৱতী নদী হৈ ।

নদীয়ে যিদৰে গতি কৰে 
বিশাল সাগৰ - সমুদ্ৰ বিচাৰি 
ফাগুনৰ পছোৱা বতাহত
চৌদিশে উৰে ধূলি- বালি ।

যিদৰে ব'হাগৰ বৰষুণ জাকত
লঠঙা বিৰিখে পিন্ধে কুঁহিপাত
এজনী নাৰীয়ে আপোন মানুহৰ
মৰম-স্নেহৰে সলাই জীৱন বাট ।

নাৰী এখন বোঁৱতী নদীৰ দৰে 
নিজৰ স্বাৰ্থ,লোভ ত্যাগ কৰি
বৈ যায় নিৰৱধি
আনৰ নিঃসংগতাৰ সংগ দিবলৈ .....!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)