কল্পনা পাটোৱাৰী- বসন্ত ওজা

©Admin
0
১৯৭৮ চনত
২৭ অক্টোবৰত
    বৰপেটা জিলাৰ বুকত ।
কল্পনা পাটোৱাৰী নামে
এটি পখিলা উৰিলে
     বিপিন পাটোৱাৰীৰ গৃহত ।।
পিতা বিপিন পাটোৱাৰী
এজন লোক সংগীত শিল্পী
  কল্পনাইও ল'লে সেই আধাৰ ।
সংগীত সমুদ্ৰৰ বুকুত
মেলি লৈ ভৰা নাও
     মাৰি গ'ল জীৱনৰ দ্বাৰ ।।
আধুনিক লোক সংগীত
গজল কিউজন আদিৰে
     ল'লে সুৰ কণ্ঠৰ পেচা ।
সুধাকণ্ঠৰ প্ৰেৰণা আৰু
গুলাম মুস্তাফা খানৰ
    অুনগামী হৈ শিকিলে
           কত ভাষা ।।
ৰিয়েলিটি শ্ব'
"জুনুন কুচ্ছ কৰ দিখানে কা"ত
      কৰিছিল অংশ গ্ৰহণ ।
দেশ জাতি ভাষাৰ বাবে
সদাব্যস্ত হৈ গীত গায় 
  এইখন তেঁওৰ প্ৰাণৰ অসম ।।
অসমীয়া চলচিত্ৰ
ৰণাঙ্গণ কন্যাদান
     হৃদয় কঁপোৱা গান ।
বহ্নিমানৰ পৰা
বলিউদ লৈকে সবিস্তাৰে
     বলিষ্ঠতাৰে কৰে কণ্ঠদান ।।
ৰাজ্যিক ৰাষ্ট্ৰীয় মৰ্য্যদা
আজুৰি আনি জীৱনলৈ
   গায় যায় কত ভাৱনাৰ গান ।
অসমী আইৰ জীয়ৰী
কল্পনা পাটোৱাৰী
     অসমৰ এটি বিৰল নাম ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)