নীলা খামৰ চিঠি-যিচু শংকৰ

©Admin
0
প্ৰতি
       মৰমৰ মাজুলী কলেজ ❤️ তোক ভাল পাওঁ,বৰ ভাল পাওঁ।তোক ভাল পাওঁ বাবেই এদিন আহিলো আৰু তোৰ কোলাত তিনিটা বসন্ত উমলিলো।
       
       আহোতে সকলো অচিনাকী আৰু যাওতে, সকলো চিনাকি।সোমাওতে ভয়ত কপনি আৰু যাওতে দুখত চকুপানী। জীৱন উপন্যাসৰ পাতত ভালপোৱা ই লিখিলে ইতিহাস বিভাগ ,ৰুম নম্বৰ১০ৰ কথা ,কেন্টিন নতুবা লাইব্ৰেৰীৰ কথা,আজিৰ পৰা স্মৃতিয়ে ৰাখিব মোৰ এই এৰি অহা সোনসেৰীয়া গাথা।

         যৌৱনৰ নীল ৰঙী স্বপ্ন খেদি হঠাৎ ৰৈ গৈছিলো তোৰ ছাত জীৱন অনুবাদৰ অৰ্থে। জ্ঞান বৃক্ষৰ তলত ধ্যানত মগ্ন ঋষি অধ্যাপক, সেই বৃক্ষৰ পকি সৰা ফল বুটলি মই কৃতজ্ঞ।তোৰ কোলাতেই উমলিলে মোৰ যৌৱনৰ তিনি বসন্ত।

              সময় ই বৰ বেইমান!!! কেনেকৈ লৈ গ'ল চা তোৰ পৰা মোক , মোৰ পৰা তোক ।সময় তই সেইখিনিতে বদনামী!!! ঠিক তাতেই দুৰ্বলী!! মাজুলী কলেজ অ' বৰ ভয় লাগে জান!! তোক এৰি যোৱাৰ পাছৰ সেই যুজখনি।উপায় নাই অ' । জীৱন ভাগৰিলে তইয়ে দিবি মোক জিৰণি, নহ'লে জীৱন যদি হেৰাই যায় ঠিকনাটো তইয়ে দিবি মোৰ আপোন মাজুলী কলেজ।

       ‌বিদায় বুলি নকওঁ, মই আকৌ আহিম দে!!! তইতো ভালকৈয়ে জান, মই বৰ অসমৰ্থ,বৰ অসহায়।যাবৰ সময়ত দিবলৈ তোক একোৱেই নাই, মোৰ বিষাদ সনা চকুৰ দুটা টোপালৰ বাহিৰে।

                         শেষত তোলৈ এগাল মৰম
                              ইতি তোৰ
                              যিচু শংকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)