আমি প্ৰাৰ্থনা কিয় কৰিব লাগে-জিলমিল বৰঠাকুৰ

©Admin
0
আমি হিন্দু ধৰ্মৰ
মানুহ আৰু আমাৰ ধৰ্ম হ'ল সনাতন ধৰ্ম।
সনাতন ধৰ্মৰ অৰ্থ হ'ল শাশ্বত।
সনাতন ধৰ্মৰ আদিও নাই অন্তও নাই। সনাতন ধৰ্মৰ যোগেদি আমাৰ আধ্যাত্মিক ভাৱ সমূহ প্ৰকাশ কৰা হয়।মানৱ হোৱাৰ স্বকীয়তা বজাই ৰাখি নিজৰ জীৱনটো কিদৰে উত্তৰন সাধন কৰি মোক্ষ লাভ কৰিব পাৰি সেয়াই হ'ল সনাতন ধৰ্মৰ মূল উদ্দেশ্য।এই ধৰ্মৰ যোগেদি আমাৰ মন ভগৱানৰ চৰনত একাত্ম কৰিব পৰাটোৱেই হ'ল প্ৰাৰ্থনা। এই প্ৰাৰ্থনাৰ ফলত আমাৰ মনলৈ শান্তি আৰু ধৈৰ্য্য
আহিবলৈ আৰাম্ভ কৰে। সকলোৰে প্ৰতি,সদাচাৰ,মানৱ প্ৰেম জাগ্ৰত হয়।
এই প্ৰাৰ্থনাৰ যোগেদি আমি নিজক সংযত কৰিব পাৰোঁ।জীৱনত পোৱা সুখ -দুখ হাঁহি - কান্দোনে আমাৰ জীৱনক এখন অন্ধকাৰ পৃথিৱীলৈ লৈ যায়,য'ত আমাৰ
কৰ্মই আমাৰ মন - মগজক ক্ৰিয়া কৰে আৰু আমি নোপোৱাৰ বেদনাত হতাশাত ভোগো।ফলত নানান ৰোগ - ব্যাধিয়ে লগ লয়।
জীৱনৰ বাকী থকা কালচোৱা এক নিঃসংগতা অনুভৱ কৰি হতাশাত ডুব যাব ধৰো।ইয়াৰ কোনো নিৰাময় নাই ।ডাক্তৰেও ঔষধ দিয়াৰ বাহিৰে একো কৰিব নোৱাৰে,ডক্তৰেও
জ্ঞানৰ জৰিয়তে বুজাই দিব বিচাৰে ধ্যান কৰক,মনটো আনন্দৰে ৰাখিবলৈ যত্ন কৰক,টেনচন ন'লব। লিখা - পঢ়া,গান শুনা ফুলৰ বাগিছাত সময় কটাওক,তাৰ বাহিৰে কোনো গত্যান্তৰ নাই।
আমাৰ মনটো চিন্তামুক্ত কৰিবলৈ হ'লে আমাৰ প্ৰথম কাম ঈশ্বৰৰ উপাসনা কৰা।
তাত ফুল,ফল,একো নালাগে।লাগে মাথো ঈশ্বৰৰ প্ৰতি_______
 আত্মসমৰ্পণ।
একমন আৰু একাগ্ৰতা।মনটো ঈশ্বৰৰ ওপৰত লক্ষ্য স্হিৰ কৰিব পাৰিব লাগিব। লক্ষ্য বলি ___ দিব লাগিব। ইয়াৰ অৰ্থ এইটো নহয় যে মই বলি - বিধানৰ কথা কৈছোঁ,নহয়।তুমি যি ঠাইত এখন আসন পাতি বহিবা সেই ঠাই ডোখৰ শুদ্ধতা আৰু তোমাৰ মনটো পৱিত্ৰ কৰি লৈ সন্মুখত তুমি তোমাৰ ইষ্ট দেৱতাক স্মৰণ কৰা ।সেই দেৱতা বা দেৱী যিয়েই হঁওক , তেওঁ কৃষ্ণই হওঁক বা কোনো দেৱীয়েই হওঁক সেই দেৱতাৰ ওপৰত চকু মুদি অৰ্থাৎ লক্ষ্য দিয়া আৰু এই লক্ষ্য দিবলৈ যাঁওতে তোমাৰ আত্মাটোক বলি দিয়া মানে নিজক গোৱিন্দৰ চৰনত সমৰ্পণ কৰা।আমি মানু্হ আমাৰ মন চন্ছল
মন যেনি- তেনি দৌৰি আমাক বাধা দিয়ে,সেয়ে মনক স্হিৰ কৰিব লাগিব।মোৰ জীৱনৰ মহৌষধ হৈছে ধ্যান।এই ধ্যানৰ যোগেদি এক ঐশ্বৰিক শক্তিক অনুভৱ কৰিব পাৰিছো আৰু নিৰোগী হৈ আনন্দত জীৱন নিৰ্বাহ কৰিছোঁ।
জীৱন এতিয়া বৰ চুটি। মৃত্যু অতি সহজ হৈ পৰিছে।
নানান ধৰনৰ জটিল ৰোগে মানুহক শাৰিৰীক আৰু মানসিক ভাৱে কোঙা কৰি পেলাইছে। ফলত আয়ুস কমি আহিছে।সেয়ে নিজক বচোৱাৰ একমাত্ৰ উপায় হ'ল ধ্যান, প্ৰাৰ্থনা।এই প্ৰাৰ্থনাত কোনো আশা নাই,মায়া- মোহ নাই ,আৱেগ অভিমান,কিবা ফল আশা কৰা নহয়, ইয়াত একো নাই  আছে মাথো এখন বিশাল আকাশ মুক্ত আকাশ আন্ধাৰ,এটা পোহৰ এটা জ্যোতিত এটা বিন্দুত উপনীত হৈ আত্মা পৰমাত্মাৰ লগত মিলিত হোৱাৰ যি ঐশ্বৰিক আনন্দ,এই আনন্দ পৃথিৱীৰ ক'তো নাই।
এই প্ৰাৰ্থনাৰ ফলত দেহ আৰু মন পৱিত্ৰ হৈ পৰে, জীৱনত নানা ঘাট - প্ৰতিঘাটৰ পৰা মুক্ত হ'ব পাৰি।এই সকলো যন্ত্ৰনাৰ উপশম হ'ল প্ৰাৰ্থনা।
মই ২৪ বছৰে এই প্ৰাৰ্থনাৰ দ্বাৰা জীৱনত অনেক পৰিবৰ্তন আনিব পাৰিছো আৰুএটা  সুন্দৰ জীৱন কটাব পাৰিছো।
আশা কৰিছোঁ আপোনালোকো ফলৱতী হ'ব।


◾জিলমিল বৰঠাকুৰ 
লংকা ২৭ মে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)