এজাৰত জীৱন গাঁথা-শান্তনু হাজৰিকা

©Admin
0
৩ বছৰীয়া এটি যাত্ৰা আৰু কিছু স্মৃতি --- এজাৰৰ দেশ..."নাম বিশ্বনাথ মহাবিদ্যালয়" । কিছু ৰসাল আৰু কিছু তিক্ত অভিজ্ঞতা । পোৱা-নোপোৱা, সুখ-দুখ, হাঁহি-কান্দোন, আশা-নিৰাশা, আনন্দ-বিষাদ তাৰেই মাজত এটি সৰু অধ্যায় "এজাৰত জীৱন গাঁথা" । বহু অভিজ্ঞতাৰ এক সুকীয়া কেন্দ্ৰস্থল এই এজাৰৰ দেশ । ইয়াতেই শিকিলোঁ মানু্হ চিনিব, শিকিলোঁ সময়ৰ সোঁতত সলনি হোৱা মানুহবোৰৰ জীৱন প্ৰণালী । বহুতে জীৱনৰ বহু কথাও শিকে এই এজাৰৰ দেশতে । মইও শিকিলোঁ কিছু আৰু তাৰ আঁৰত কিছুমান লোক সদায় স্মৰণীয় । কোনোবাই শিকাই গ'ল কথাৰ আঁৰত থকা স্বাৰ্থ আৰু কোনোবাই শিকাই গ'ল কথাৰে নিজক সৃষ্টি কৰিবলৈ নিজক গঢ়িবলৈ । কোনোবাই শিকালে মৰম, ভালপোৱা আৰু বিশ্বাস কি ? আকৌ কোনোবাই শিকালে নিসংগতা, মৌনতা আৰু বন্ধুত্ব কি....? স্বাৰ্থ সিদ্ধিৰ বাবে কাষ চাপি অহা কিছুমান মানুহে নিজক নিজেই গঢ় দিবলৈ শিকাই থৈ গ'ল । ক্ষন্তেকীয়া সহাঁৰি দিব আহি শিকাই থৈ গ'ল জীৱনৰ মূল্য, সময়ৰ মূল্য । সকলোবোৰ দেখিও সাৱটি ধৰি কিছুমানে শিকালে মানৱতাৰ মূল্য, বন্ধুত্বৰ মূল্য । কোনোবাই ফুলি উঠা ফুলপাহ গছকি থৈ যোৱা দেখিলোঁ আৰু কিছুমানে মৰহা ফুলকো আলফুলে বুকুৰ মাজত ফুলাই লোৱা দেখিলোঁ । বাৰিষাৰ বৰষুণজাকত তিতি ভাল পোৱাজনে ৰ'দলৈ চকু দিব শিকিলে, প্ৰখৰ ৰ'দ সহ্য কৰিব নোৱাৰা জনে অকলেই আগবাঢ়ি যাব ল'লে । সময় সলনি হ'ল সময়ৰ সোঁতত, মানু্হবোৰ সলনি হ'ল জীৱন বাটত । মাথোঁ একেই ৰৈ গ’ল এই এজাৰৰ দেশখন, নিস্কলুষ মনৰ এজাৰৰ দেশ আকৌ সাক্ষী হৈ ৰৱ এনে কিছু ঘটনাৰ । সদায় একেই থাকক এজাৰৰ দেশ ! বিষাদবোৰ আঁতৰি সুখৰ জোৱাৰ প্ৰৱাহিত হওঁক সকলোৰে মাজত । ৩ বছৰীয়া অভিজ্ঞতাৰে পৰিপূৰ্ণ মোৰ এই জীৱন যাত্ৰা ইমানতেই শেষ । কাৰোবাৰ হাতত আকৌ প্ৰাণ পাব এজাৰৰ দেশে, কলমৰ চিয়াঁহী বুলাই লিখি যাব এটি এটি নতুন অভিজ্ঞতা...! কোনোবাই আকৌ ৰচিব এজাৰৰ দেশৰ মধুৰ কাহিনী... 
                 "এজাৰত জীৱন গাঁথা" ।।।


 ✍️শান্তনু হাজৰিকা
 বিশ্বনাথ চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)