সেউজীয়া বননি-সেউজীয়া চাৱনি | যদুমণি গগৈ

©Admin
0
নিঃসংগ পৰিধি
বসন্তৰ কেতেকী
 বুলিয়া পুৱা
আহে আৰু যা‌য় ,

চিনাকি চৰাই এটাৰ মাতে
বুকুত খুন্দিয়াই।

আশাৰ নেদেখো বেলি
চকুত নধৰে টোপনি
সেউজীয়া আমনি,

দুচকুৱে সেউজীয়া দেখো
সেউজীয়াতে পিচলি পৰো
চেওধৰা সেউজীয়া চাঁৱনিত।

চকুযোৰে চাব বিচাৰে জুমি জুমি,
সেউজীয়া খিৰিকীৰে
ক'লা বগা চাৱনিৰ
অন্তৰৰ তলি।

সেউজীয়া বন
সেউজীয়া মন
উৰিফুৰা শিমলু তুলা
বৰষুণ সাৱটি মাটিত পৰে ।
     
      ✍️যদুমণি গগৈ।
                       গেলেকী ।
    তাৰিখ =০৪/০৫/২০২৩ চন ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)