আজিও ৰৈ আছে ...
প্ৰেমিক ৰুদ্ৰকান্তলৈ
কিজানি শিৰেৰে বোৱাই দিয়ে
এখন ঊৰ্ধ্বমূখী সেন্দুৰীয়া নৈ ...
তাই জানো বুজে ,
অপৰাধী ৰজাৰ শাসনকালতে ৰুদ্ৰকান্তই হেৰুৱাইছে নটাকৈ আঙুলি ।
বাকী আছে মাত্ৰ এটা
ভোটদান কৰাৰ প্ৰতীক ,
অমোচনীয় চিয়াহী ল'বলৈ
চৰকাৰ ,দুখীয়াৰ বৰ দৰ্কাৰ...
তাইৰ উৰ্বৰ যৌবনৰ পথাৰখন
ৰ'দ পৰি পৰি সম্প্ৰতি এক বিশাল মৰুভূমি তথাপিও অপেক্ষা কৰে তাই
মঙহহাল কাইটীয়া কেকটাছৰ সৰু সৰু পাতবোৰলৈ চাই ...
অপেক্ষাৰ ফল হেনো মিঠা ।
নঙলামুখৰ কৃষ্ণচূড়াডাল এইবাৰ বাৰুকৈয়ে ফুলিছে ।
সোণতৰাই সপোন দেখিছে ,
বিয়লিৰ আৱেগৰ বলীয়া গৰম বতাহজাকে হৃদয়ৰ শীতলতাখিনিক
গ'লাই গ'লাই বোৱাই দিব পাৰে
এখন নীলা প্ৰেমৰ নৈ
য'ত সাঁতুৰিব কেৱল তাই আৰু ৰুদ্ৰকান্তই...
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ