গোপন প্ৰেমৰ প্ৰতিচ্ছবি -লহৰজ্যোতি মৰাণ

0
নিভাজ কোণৰ ৰাতি
গোপনে আঁকো ছবি
আছিলা তুমি চাই
তোমাক মৰমবোৰ 
গোপনে দিছিলো ধিয়াই।

পাহৰা নাই মৰমবোৰ
পাহৰা নাই ভাগৰবোৰ
হেৰুৱা নাই শব্দবোৰ
হেৰুৱা নাই ভাষাবোৰ। 

গোপন প্ৰতিচ্ছবি
সংগোপনে ইতিহাস
ৰচিছিলো আমি! 

নিজান ৰাতি
আন্ধাৰ ফালি
একাকাৰ কৰি 
উটি-ভাঁহি ফুৰিছিলো 
যৌৱনৰ সপোন পুৰিত!

য'ত আছিল! 
তোমাৰ-মোৰ, 
কল্পনাৰ দাপোনৰ, 
কেৱল গোপন প্ৰতিচ্ছবি।

◾লহৰজ্যোতি মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)