জ্বলি আছে প্ৰাণ,
সুখ দুখৰ অভিযোগ।
নিষ্পত্তিৰ নাই কোনো সীমা,
হৃদয়ৰ মাজত লুকাই আছে
বহু ঘাত-প্ৰতিঘাতৰ স্বাভিমান ।
শূণ্য পথত আপোচ হীন যাত্ৰা
এখোজ দুখোজকৈ আগুৱাই যাঁও।
জীৱন যাত্ৰাৰ হাজাৰ সপোন,
বীৰত্বৰ দৰে সংগ্ৰাম কৰি যাম
প্ৰতিটো সময় প্ৰতিটো মূহুৰ্ততে ,
ঘাত প্ৰতিঘাতকো নেওচি অনায়াসে
মৃত্যুৰ আগ মূহুৰ্তৰ লৈকে
সংগ্ৰাম কৰি যাম ।
জীৱনটো বহু জটিল সলনি হৈ যায়
সময়ৰ প্ৰতিটো মূহুৰ্ততে
গতিশীল চিন্তা ধাৰণা,
পোৱা যায় বিষাক্ত বেদনা
স্মৃতি হিচাপে ৰৈ যায়।
হেৰাই যোৱা ঘাত প্ৰতিঘাতৰ স্বাভিমান,
আজি হয়টো জীয়াই আছোঁ
কালি হয়টো নাই ,
চৌপাশে শূন্যতাৰ আশ্ৰয়
এয়েই বাস্তৱ জীৱন ।
সময়ৰ গতি ৰৈ নাথাকে
ৰৈ থাকিব স্মৃতি ।
কি পালো কি হেৰুৱালো
সেয়ে হয়তো হিচাপ থাকিব,
কিন্তু সময়ৰ একো গতি নাথাকে,
মানুহ একো একোটা পুতলা হে
দুদিনীয়াৰ আয়ুস
কচুপাতৰ পানীৰ দৰে।
✍️সুমন্ত নায়ক
বলোপাৰা
মঙ্গলদৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ