ৰঙৰ খেল -ফাৰুক হুছেইন

©Admin
0

সেই বাল্যকালৰ পৰাই দেখি আহিছোঁ
ফাগুন মাহত দৌল উৎসৱ
ৰঙা-নীলা, হালধীয়া-সেউজীয়া
কত ৰং লৈ খেলিছো।
তেতিয়া সৰু আছিলোঁ বুলি ভাৱিছিলো
মানুহবোৰেই বোধহয় ৰং লৈ খেলিছে!
তাৰ পিছত অলপ ডাঙৰ হৈ বুজিলো
কেৱল মানুহেই ৰং লৈ খেলা নাই
ৰঙেও মানুহক লৈ খেলিছে।

আমাৰ গাৱৰ বামুন খুৰাৰ দুজনী জীয়েক
সৰু জনী বগী আৰু ডাঙৰ জনী ক'লী
ডাঙৰজনীৰ সম্বন্ধ আহিছে
সৰুজনীক পছন্দ হৈ গ'ল।
দৰাৰ কাপোৰৰ ৰং যদিও ক'লা পছন্দ
সেই বুলি ক'লী ঘৈণীয়েক?
ছি: ছি: লোকে কি ক'ব?
কেৱল এই ৰঙৰ পাল্লাত পৰি
কত ছোৱালীৰ জীৱন শেষ হৈ গ'ল।

 আমাৰ গাঁৱত এজন ডাক্তৰ আছিল
নিজকে 'আৰ এম পি' বুলি কয়
আমি তাৰ মানেই বুজা নাছিলোঁ
সেই ডাক্তৰৰ ভুল-ভাল ঔষধ খাই
যেতিয়া কিছু মানুহ মৰিল
তেতিয়া আমি বুজিলো
'আৰ এম পি' কথাষাৰৰ মানে হ'ল --
'ৰোগী মাৰা পাৰ্টি '
সেয়ে এদিন ডাক্তৰৰ ওচৰলৈ গৈ চাও
সিতো ঔষধৰ নামেই পঢ়িব নোৱাৰে।
টেবলেটৰ ৰঙবোৰ মিলাই ৰোগীক ঔষধ দিছে
ৰঙা ৰঙৰটো জ্বৰৰ আৰু নীলা ৰঙৰটো পেটবিষৰ।
এই ৰঙৰ পাল্লাত পৰি কত মানুহ যে মৰিল কোনে জানে?

চৰকাৰী টকাত ঘৰ পাইছা
আৰু ভাৱিছা ৰং কৰিবা নিজৰ পছন্দত?
হাঁ হাঁ ভুলতো সেই কথা নাভাৱিবা,
নহ'লে পুৱাতে ঘৰ ৰং কৰিবা
আৰু সন্ধিয়াতেই ৰঙাঘৰৰ আলহী হ'বা।
মোৰ কথাটো শুনি ভয় পালা নহয়?
ঘৰটো দিছে হালধীয়া পাৰ্টিয়ে
আৰু ঘৰ কৰিবা নীলা? 
সেয়া কেতিয়াবা হয় নেকি?
এই ৰঙৰ মেৰপাকত পৰি 
বহুতেই শাস্তি ভূগি আছে।

আমি বাল্যকালৰ পৰাই শুনি আহিছোঁ
দুনীয়াত সকলোতকৈ ক্ষমতাশালী হৈছে মানুহ,
গাঁৱৰ নগেন খুৰা পুলিচ হয়,
উদং শৰীৰে ৰাস্তাত থিয় হ'লে
কোনেও তেওঁক মানুহ বুলিও গণ্য নকৰে,
আৰু যেতিয়া খাকী পোচাক পিন্ধে
তেতিয়াই সকলোৱে ভয় কৰে।
তেন্তে কোৱাচোন চাওঁ,
কাৰ ক্ষমতা বেছি? 
এই মানুহবোৰৰ নে খাকী ৰঙটোৰ?

এনে আৰু কিছুমান ৰং আছে
যিবিলাক পৰিধান কৰিলেই দাম বাঢ়ে,
আৰু খুলি দিলেই যি কি সেই।
যেনে ডাক্তৰৰ গাত বগা ৰং
উকীল বাবুৰ গাত ক'লা।
এনেতেই বগা ৰঙক শান্তিৰ ৰং বুলিয়ে জানো
কোনোদিন এই ৰঙৰ পাল্লাত পৰিবা নহয়!
তোমাৰ শান্তিৰ জীৱনটোতে
কাল বৈশাখী ধুমুহাই বিৰাজ কৰিব।
আৰু ক'লা তো ক'লাই
ৰঙটো যে মুঠেও সুবিধাৰ নহয়
সেইটো সকলোৱে জানে, সকলোৱে বুজে।

বিপদত পৰিলে বলিৰ পঠাও বাঘ সাজে
এইবোৰ দেখি শুনি কত লোকে কত কথা কয়,
কোনোবাই কয় ভাগ্যৰ খেল,
কোনোবাই কয় টকাৰ,
আৰু কোনো কোনোৱে কয় যুগৰ,
আচলতে মানুহবোৰে বুজিব নোৱাৰে
ই নহয়তো ভাগ্যৰ খেল,
নহয় যুগৰ আৰু নহয় টকাৰ,
এইবোৰ হ'ল ৰঙৰ খেল।
যিদিনা মানুহবোৰে নিজৰ জীৱনৰ পৰা 
এই ৰঙবোৰক উভালি পেলাই দিব
সেইদিনা মানুহৰ ভাগ্য খুলিব
আৰু এই ৰঙৰ খেলাটোও বন্ধ হৈ যাব।

        ✍️জয় শঙ্কৰ চক্ৰৱৰ্তী
     অনুবাদ -- ফাৰুক হুছেইন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)