সুখৰ দিন খহে অজানিতে◾অনন্ত কুমাৰ ভূঞা

Rinku Rajowar
0
জাননী এখন দেখিলোঁ সন্মুখত
বিপদ চাপিছে ওচৰ
সুখ বুটলি থাকোতেই 
ঘূৰ্ণী বতাহে উৰুৱাই আনিলে
জুই লগা অনুতাপ
হৃদয় খন পুৰিব ধৰিছে 
উজাগৰি নিশাৰ
অসহ্য আশাহীন নিস্তব্ধতা 
নিৰ্জনতাত শুই আছে সৰাপাত
আৰু বিচনা খনত ছটফটাই আছোঁ
পুৱাৰ কিৰণ জাক আহোতেই
কাউৰী জনীয়ে দিলেহি আপদীয়া মাত
বদহজম হোৱা খাদ্যৰ 
বমি ভাৱে আমনি কৰিলে
উগাৰে ভেটিলে খাদ্য নলীৰ বাট
ফাগুনে বখলিয়ালে সুখৰ হাঁ‌হি
চিঞৰ শুনি দৌৰ মাৰিলোঁ‌
অকথ্য নিৰ্যাতনৰ সাক্ষী হবলৈ
অপৰাধৰ মায়াজালত
হৰ্ষ বিষাদ উদ্গীৰণ
শুভ্ৰ পোছাকত দাগ লাগিল
মানৱতা টোপনিত লালকাল দিলে
কাঁ‌ইটৰ আঁ‌চোৰ লাগিল বুকুত
বিপদত ঘৃণাৰে চাই সকলোৱে 
ধন ক'ৰ পৰা আহে সেই কথা 
পাগুলি কোনেও সময় নষ্ট নকৰে
বৰ আলসুৱা জীৱন 
চিল্কা হ্ৰদত কিয় সাতুৰিম
মায়াময় সাগৰৰ তীৰত সময় কটাও 
বিপদ ঘণ্টাত অভিলাষ হেৰাল
সম্পদ অসহায় হৈ পৰিল
দুৰ্ণামৰ চেকা লাগিল গাত
দুৰ্ভাগ্যই ৰজা প্ৰজা সকলোকে দণ্ডিত কৰে  
আইনৰ বিচাৰে দেখুৱাই নিজৰ বাট ।

◾অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)