মিছ বড়া-নী | লহৰজ্যোতি মৰাণ

0

মেঘালি চুলি তাৰি 
আহিছিলা খোপা বান্ধি! 
খোপাত এডাল
কপৌ ফুলৰ মালা গাঁঠি!

ৰাতি বিহুৰ তলিত
 সুৰৰ তালে তালে
আছিলা হালি-জালি
 কঁকাল ভাঙি-ভাঙি নাচি-বাগি
দেখা পালো তোমাক;
কলিয়াৰিহা বুটা বচাৰ ৰঙা ক'লা 
জাক-জমকাৰ সাজত
কাকপথাৰ ৰাতি বিহুৰ তলিত! 

থমকি ৰ'ল মোৰ চকু যুৰি
আহিলা কাষে চাপি নাচি শেষ কৰি ;
চিনাকী হৈছিলো তোমাৰ কাষত ৰখি
আমাৰ ফালে মুখ কৰিব খোজা নাছিলা
লগৰজনৰ হটোৱাই হৈছিলো চিনাকী;
খুজিও নিদিলা তোমাৰ নম্বৰ শাৰী
দিলা কেৱল ইনষ্টা আইডি! 

মূখৰ মিঠা মাত
দেহৰ কোমল ভাঁজ, 
মূখৰ মিচিকিয়া হাঁহি
আঁকিছিলা ৰং ওঁঠৰ পাৰিত! 

ভাল লাগিল তোমাৰ লগত কথা পাতি
হ'বা নে মোৰ জীৱন বাটৰ লগৰী;
হ'বা নে মোৰ জীৱন সংগী
মিছ বড়া- নী!! 

✍️লহৰজ্যোতি মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)