দুডাল চেইনৰ কাহিনী -দিপশিখা ৰাজকোঁৱৰ

©Admin
0
:::::: জিলমিল এইটো স্কুললৈ লৈ যোৱা।
::::: কি হয় মা এইটো।
:::::: এইটো তোমাৰ বেগতে ভৰাই থবা দেই।
জিলমিল প্ৰথম শ্ৰেণীত পঢ়ে। আন কোনোদিনে তাইক মাকে স্কুললৈ টিফিন দি নপঠায় ।আজি তাইৰ বেগত সৰু টিফিনটো ভৰাই দিয়া দেখি তাই মাকক প্ৰশ্ন কৰিলে।তাই যোৱাৰ লগে লগে জিলিমিলৰ দেউতাকে মাকক চিঞৰিবলৈ ধৰিলে।
::::: চেইনকেইডাল লৈ আন বুলি কৈছোঁ নাই। সোনকালে আন।
:::: ক'তনো মোৰ ওচৰত চেইন আছে।( ভয়তে)
::::: মোক পইচা লাগে।ঘৰ জ্বলাই দিম। সোনকালে চেইনকেইডাল মোক দে। নহ'লে কথা বেয়া হৈ যাব।
এনেকৈয়ে সদায় জিলমিলৰ দেউতাকে ঘৰৰ বস্তুবোৰ লৈ যায়।নিবলৈ মাথোঁ জিলমিলৰ মাকে বনাই থোৱা চেইনদুডালে বাকী আছিল। সেইবাবে জিলমিলে গম নোপোৱাকৈ তাইৰ বেগত চেইনকেইডাল ভৰাই দিছিল। চেইনকেইডাল নাপায় দেউতাকে মাকৰ ওপৰত হাত তুলিলে। তথাপিও মাকে মুখেৰে এটা শব্দও নক'লে।দেউতাকে হালা কৰি কৰি ঘৰৰ পৰা ওলাই গ'ল। জিলমিল স্কুলৰ পৰা অহাৰ পিছত তাইৰ বেগৰ পৰা টিফিনটো উলিয়াই চেইনদুডাল ভালকৈ লুকুৱাই থলে।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)