বনৰজা আৰু নিগনি-পবিত্ৰ গায়ন

©Admin
0
এখন হাবিত এটা সিংহই 
আছিল উস্তাদি মাৰি,
তাতকৈ বোলে শক্তিশালী 
কোনো নাই ইয়াত প্ৰাণী ।

হাবিৰ মাজতে চিকাৰীয়ে এদিন
পাতিলে মৰনৰ জাল ,
হৰিণা লাগিব বুলি ভাবিলে
হেঁপাহ পলুৱাই খাম ।

চিকাৰী জালত নালাগিল হৰিণ
লাগিল বনৰ ৰজা ।
গৰজি গৰজি ভাগৰি পৰিল ,
কোনো নাই ৰক্ষা কৰোঁতা ।

এনেতে এটা নিগনি আহি
বনৰ ৰজাৰ দেখা পাই ,
বনৰজাৰ এনে অৱস্থা দেখি
নিগনিয়েবিছুতি খাই ।

 নিজকে আজি বনৰ ৰজাই
অসহায় বুলি ভাৱে ,
কাকতি মিনতি কৰিলে নিগনিক
অকমান সহায় লাগে ।

সিংহৰ এনে অৱস্থা দেখি
 নিগনিৰদয়া উপজিল ,
কণ্টক দাঁতেৰে জাল কুটি কুটি 
নিগৰিও ভাগৰি পৰিল । 

অশেষ কষ্টৰে নিগনিয়ে জাল 
টুকুৰা টুকুৰ কৰিলে,
বনৰ ৰজাক মুত্যুৰ পৰা 
নিগনিয়ে ৰক্ষা কৰিলে ।

বনৰ ৰজাই নিগনিক আজি 
কৃতজ্ঞতা  প্ৰকাশ কৰিলে ,
সৰুয়েও হে ডাঙৰক সহায় কৰিব পাৰে
বন ৰজাই মনত ৰাখিলে ।। 

        ◾পবিত্ৰ গায়ন , মাজুলী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)