উদয় আদিত্য গোস্বামী-বসন্ত ওজা

Rinku Rajowar
0
পিশাচৰ আক্ৰমণত
বিহাৰৰ কিষাণ গঞ্জত
 ৰজাবাৰীৰ বাবুলৰ 
                    প্ৰাণ গ'ল ।
তিনি বৰিষৰ কেঁচুৱা
কোলাত লৈ প্ৰিয়তমাৰ
      জীৱন দিশহাৰা হ'ল ।।
ৰিঙিয়ে ঢুকিয়ে নোপোৱা
বিদেশৰ নিঠৰ দেহ
    গৃহলৈ আনিব কেনেকৈ ?
তাকে ভাবি গুণি পৰিয়ালৰ
 নয়নৰ নীৰ বয়
      বাৰিষাৰ বলিয়া বান
             বয় যেনেকৈ ।।
দৰিদ্ৰ পৰিয়ালৰ
বিষাদৰ নাদ শুনি
     উদয় আদিত্য গোস্বামী ।
মহান অনুভৱতাৰে
দিলে আপোন পৰিচয়
     জগতৰ জনধৰ্ম্মৰ প্ৰতি ।।
বাবুলৰ অন্তিম সৎকাৰ
কৰিবলৈ গোস্বামী দেৱে
     নিমাত নিঠৰ দেহ
          আনিলে ওভতাই ।
তাৰ বাবে অসমৰ
শতকোটি জননীয়ে
    শুভ আশিষ দিলে
         হিয়া ওপচাই ।।
সঁচাকৈ উদয় গোস্বামী
অসমী আইৰ 
শীতল কোলাত
    দেৱদুতৰ দৰে হ'লা থিয় ।
সমাৰ মাজত তোমাক
এনে মহান অনুভৱতাই
      কৰি তুলিব সদা প্ৰিয় ।।
তোমাৰ মানৱতা দেখি
বিশ্বনাথ চাৰিআলিৰ পৰা
     প্ৰশংসা নকৰি
           নোৱাৰিলো মই ।
অনন্তলৈ প্ৰণতি
আৰু দিয়ক শকতি
     গৰিমা দশোদিশে হওক
           জয় জয় ময় ।।

◾  বসন্ত ওজা । 
বি: চাৰিআলি নগাঁও লেহুগাঁও 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)