জীৱন-পৰিস্মৃতা দত্ত

0
জীৱন এক যাত্ৰা 
জন্মৰ পৰা মৃত্যুলৈ ...
প্ৰতিটো কেঁকুৰীত তুলি লওঁ সুখ - দুখ 
হাঁহি , কান্দোন, বিশ্বাস আৰু প্ৰতাৰণাবোৰ..।

জীৱন এক অনন্ত কবিতা.…
বুজা - নুবুজাৰ , জোনাক- ধুমুহাৰ 
পোৱা - নোপোৱাৰ অযুত আশাৰ...। 

জীৱন এক সংগ্ৰাম 
এক গতানুগতিক ব্যস্ততা 
কোনোবাই ত্যাগ কৰে, কোনোবাই গ্ৰহণ কৰে
কোনোবাই হৃদয়ৰ পাত লুটিয়াই
লিখে সোণালী ইতিহাস...। 

জীৱন এখন নদী
কেতিয়াবা বহল , কেতিয়াবা কোমল
অজান ইয়াৰ চৰিত্ৰ।
এক ৰহস্যময়, চলনাময় 
জীৱন এক অন্তহীন জিজ্ঞাসা।

জীৱন গতিশীল
এই গতিশীলতাৰ জগততে আৱৰ্তিত
আমাৰ জীৱনৰো গতি,
অনন্ত বিশ্ব ব্ৰহ্মাণ্ডৰ এই মহাশূন্যত ..
জীৱনৰ অস্তিত্ব নাপাওঁ বিচাৰি। 

জীৱন বৰ ক্ষন্তেকীয়া
আৰম্ভ হোৱাৰ লগে লগেই
মৃত্যু এক শাশ্বত হৈ ইয়াৰ লগে লগেই আহে
জীৱনৰ বিলাসীতাৰ মাজত স্থায়িত্ব বোলা
কোনো বস্তুৱেই নাথাকে। 

জীৱন এনেকুৱাই...
এতিয়া কলা ডাৱৰ হৈ
মনৰ আকাশ ঢাকি কন্দুৱাব
আকৌ.. 
পিছমুহূৰ্ততে ওঠত 
হাঁহিৰ ৰামধেনু বিৰিঙাব।

সুখ -দুখ , হাঁহি -কান্দোন, সংঘাত ইত্যাদিৰে
জীৱন আগুৱাই যাব , 
তথাপি জীৱন বৰ অনুপম। 

◾পৰিস্মৃতা দত্ত।
শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)