লিখা নহ'ল প্ৰেমৰ কবিতা-হাবেজ উদ্দিন

©Admin
0
প্ৰিয়তমা..! 
তুমি আহিবা বুলি
হৃদয়ৰ দুৱাৰ খুলি
আজিও মই ৰৈ আছোঁ,
তুমি অহাৰ সেইখন বাটতে
সাজি এটি পঁজাঘৰ।

চৌপাশে ৰুইছিলো না-না ৰঙৰ ফুল-
গোলাপ, তগৰ, হাচনাহেনা, ৰজনীগন্ধা
আৰু যে কত কি.........!
সেই যে তুমি কৈছিলা-
তুমি হেনো ফুল বৰ ভাল পোৱা!

এতিয়া ফুল বোৰ ফুলিছে
বতাহত হালি-জালি নাচিছে,
পখিলা বোৰ উৰি উৰি
ফুলৰ মৌ চুহিছে
কিন্তু..! কিন্তু তুমি নাহিলা ।

মোৰ বৰ হেঁপাহ আছিল
তুমি আহিলে আমি দুয়ো মিলি
প্ৰেম সাগৰত ঢৌ তুলি সাঁতুৰিম,
সাগৰৰ ঢৌৱে ঢৌৱে গুচি যাম
দূৰ দেশলৈ, মেঘৰ দেশলৈ.....।

মেঘ বোৰৰ আঁৰে-আঁৰে
আমি দুয়ো লুকাভাকু খেলিম,
চন্দ্ৰৰ সৈতে কথা পাতিম
চৰাইৰ সৈতে সুৰ তুলি গীত গাম
ৰচিম কবিতা, প্ৰেমৰ কবিতা...।

কিন্তু..! কিন্তু তুমি নাহিলা
তুমি নাহিলা বাবেই
প্ৰেম সাগৰত ঢৌ নুঠিল,
সেই বাবে মোৰ গীত গোৱা নহ'ল
লিখা নহ'ল প্ৰেমৰ কবিতা!!

কবি- হাবেজ উদ্দিন
ঠিকনাঃ- মিলন বজাৰ, নলবাৰী।
ফোন নং- ৯৮৫৯৬৫৯৪৫২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)