মানুহবোৰ মানুহ হৈ থকা নাই আজি-বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ

©Admin
0

(১)
আজি মৰা-কটাৰ প্ৰতিযোগিতা
মাৰিছে মানুহ মৰিছে মানুহ,
এতিয়া মানৱতা বুলিবলৈ মানুহৰ নাই একো।
(২)
মানুহে মানুহক খাইছেও গিলিছে
দকছা দাঁতেৰেও কামুৰিছে,
নখেৰে আঁচুৰি কত মানুহে মানুহৰ প্ৰাণ লৈছে। 
(৩)
আনৰ ভালবোৰ চাব নোৱাৰা হ'ল
ঘৃণা চকুৰে যে চাই মানুহবোৰ,
আজি মানুহবোৰ যে কুকুৰলৈ পৰিৱৰ্তন হ'ল।
(৪)
দেখিছোঁ মানুহৰ দৰে এদল কুকুৰ 
খোৱা কামোৰাবোৰৰ মাজতে,
চলিছে প্ৰতিযোগিতা মুখৰ পৰা কাঢ়ি খোৱাৰ।
(৫)
কুকুৰৰ দৰে ভুকিব ধৰিছে মানুহ
কূটনীতিৰ যে মুখাবোৰ পিন্ধি,
মানুহবোৰ কুকুৰৰ দৰে আচৰণ কৰে এতিয়া।


   🖋️বিপ্ৰসেনজিৎ খলাৰ বৰদলৈ
       ঘৰ:- কাকী
       জিলা:- হোজাই লংকা
       ফোন নং:-6361266482

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)