প্ৰাণসখা-ৰুম্পী দাস

©Admin
0
দূৰলৈ নাযাবা 
অচেনা ঠাই ,
হেৰাই যাবা বুলি হে 
মোৰ বহু ভয় লাগে ।
প্ৰকৃতিৰ বুকুত ফুলিছে 
মৌনতাৰে ভৰা ,
ফুলৰ বজাৰ ।
তুমি আৰু মই পাখি মেলি 
ফুলৰ বুকুত চুমি ,
ফুলনিত মই তোমাৰ             
কোমল হৃদয়খন
দেখা পোৱাৰ 
অপেক্ষাৰে বহিম ;
মিচিকিয়া হাঁহিৰে তোমাক 
প্ৰাণসখা বুলি মাতিম ।
ভালপোৱা প্ৰকাশৰ হেঁপাহেৰে
আমি দুয়ো মিলি ,
ৰঙীন ৰামধেনু আঁকিম ।

        """""""""""""""""""""""""""""""

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)