আকাশত কাঁচি জোনটিৰ ওচৰতে
তৰা এটি ৰৈ আছে
কিয় জানে ?
তৰাটিৰ জোনৰ ওচৰত
ঠাই অকণ পাবলে'
আজিও বৰকৈ মন আছে...
ওচৰতে থকা যেন লাগিলেও
আজিলৈকে কাহানিও ওচৰ পোৱাহি নাই
কিয় জানে ?
সিহঁতৰ যে বহু যুগৰ আগতে বিছিন্ন হৈছিল
উভতি যাবলৈও এতিয়া বহু সময় বাকী!
এৰা দিয়া - "কিছুমান বস্তু দূৰৰ পৰাই চাই ভাল লাগে... "
বৰ্ষাৰ এই সময়ত আকাশখন বৰ ফৰকাল হয়
তৰাবোৰে আকাশত জিলমিল জোনাকৰ ফুল তোলে
কিমান যে হেপাহঁ ন তৰাবোৰৰ..!!
তথাপি নদী সদায় পৃথিৱীৰ বাবেই
আকাশৰ বাবে নহয়,
নৈৰ পানীত আকাশেদি নীৰৱে
বিহগী উৰি যোৱা দেখিলেও
বিহগীটি সদায় পৃথিৱীৰ গছৰ ডালত,
পাতৰ মাজত ফুলৰ সুবাসত ,
আকাশে যে বোৱাই দিয়ে বৰষা
তাতেই জীপাল হয় পৃথিৱী ....
জোন - তৰাৰ দৰে নদী আৰু আকাশ
সদা এটা নিবিড় সম্পৰ্ক......
তুমি আৰু মইও....
✍️সুৰজ বৰগোহাঁই, ধেমাজি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ