সীমাহীন যাত্ৰা -মানস জান শইকীয়া

©Admin
0
মূহুৰ্তবিলাকৰ পিছে পিছে দৌৰি দৌৰি
ভাগৰি পৰা এই নিথৰ দেহা,
লক্ষ্যৰ কিতাপখন পঢ়ি পঢ়ি শেষ হোৱা নাই
আজিও চলি আছে সীমাহীন যাত্রা। 
জীৱন বাটত পলে পলে খোৱা উজুটি
আশাৰ বাটত পদে পদে হয় বিজুটি,
তথাপি আজিও হেৰুৱা নাই 
স্বপ্নভৰা কাৰেঙৰ মিঠা অনুভূতি। 
যৌৱনৰ বিয়লি বেলাৰ পৰা আহি গৈছে
কত যে সফলতাৰ চাবি, 
তথাপিও চোন সময়ৰ সোঁতত হেৰাই যায়
উন্নতি জখলাটোৰ মাপকাঠি। 
সীমাহীন যাত্রাত ক্লান্ত হৃদয়ে মাথো বিচাৰিছে
ল'বলৈ শৰীৰৰ অশেষ জিৰণি, 
তথাপিও চোন দুচকুত সদায় ভাহি আহে
ৰং বিৰঙী ফুলে ভৰা সফলতাৰ ফুলনি।
                    
◾মানস জান শইকীয়া
ৰঙামাটি চেউনী গাঁও, বাদুলিপাৰ, গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)