য'ত সোমাই থাকে সন্তানৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য,
যাৰ কষ্টৰ বলত সন্তানে লভে ব্যক্তিত্ব।
জনমৰ বিয়লি বেলাৰ পৰা কৰা সাধনা
প্ৰতি পলে দেখুওৱা উন্নতিৰ জখলা,
যাৰ দুই হাতৰ মধুৰ পৰশত
সন্তানে বিচাৰি পায় শিক্ষাৰ মহলা।
নকৰে কেতিয়াওঁ নিজৰ চিন্তা
নিবিচাৰে কেতিয়াওঁ নিজৰ বিলাসিতা,
মাথো দিনে ৰাতিয়ে ভাবে
কেনেকৈ কৰিব পাৰে সন্তানক মহৰ্ষিতা।
পিতৃৰ কষ্ট অমৃতৰ দৰে
যাক পূৰণ কৰাতো নহয় সহজলভ্য,
পিতৃৰ আশাত চেচাপানী ঢালি
জীৱনটোক নকৰিবা অসুৰৰ দৰে অসভ্য।
পিতৃ আৰু ভগৱান নহয় ভিন্ন
দুয়োৰে মহানতা সদায়ে সমান,
সেইহেন পিতৃক অবহেলা কৰি
নিজকে দিয়া কিয় জন্তুৰ প্ৰমাণ ?
দেউতাৰ পূজা মানেই ভগবান পূজা
নাৰাখিবা মনত অলপো সংশয়,
দেউতা শব্দটোক অপমান কৰি
ন'লবা নিজে অভদ্ৰৰ পৰিচয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ