শূন্যতাই বিৰাজ কৰিব- ৰিম্পী ভঁৰালী

©Admin
0
মোৰ কৰ্ণই চিঞৰি উঠে 
ব্যস্ত চাৰিআলিৰ মাজত, 
কেতিয়াবা আনকি নিজ
ঘৰতেই চিঞৰি উঠে ,
আৰু সহ্য কৰিব নোৱাৰোঁ মই 
ইমানবোৰ ককৰ্শ কোলাহল 
চাৰিওফালে গাড়ী- মটৰৰ হৰ্ণ ,
ডাঙৰ ডাঙৰ মেচিনৰ শব্দ ,
ইমান তীক্ষ্ণ এই কোলাহল ।
মনৰ আকাশত ক'লা ৰঙৰ 
বৃহৎ ডাৱৰে আৱৰি ধৰে,
আহিব লগা প্ৰজন্মৰ কথা ভাবি ।
মনযায় গুচি যাব এখন
গভীৰ অটব্য অৰণ্যলৈ 
এই ককৰ্শ কোলাহলৰ পৰা
বহু যোজন দূৰত থাকিবলৈ
কিন্তু নাই, ক'ত পাম অৰণ্য
এই কোলাহলে চোন
সকলো শেষ কৰি গ'ল,
মানৱৰ অস্তিত্বক নাশ 
কৰাৰ অভিপ্ৰায়ক নিজ কৰি ৰ'ল,
ৰোগ - ব্যাধিয়ে লগ নেৰা হ'ল,
নিশ্চয় এদিন এনে আহিব
বসুমতীৰ কোলাত শূন্যতাই বিৰাজ কৰিব ।

        ✍ ৰিম্পী ভঁৰালী 
           দশম শ্ৰেণী
হাৰ্হি একাডেমি হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)