গছে -বনে সলালে পাত
ঢোল- পেঁপায়ে লগালে মাত
সেউতী মালতী কপৌ ফুলিলে,
গছৰ ডাল শুৱনি কৰি ।
আহা সমনীয়া বিহুলৈ ওলাই যাওঁ
মূৰতে পাগুৰি মাৰি।
ব'হাগ আহিলে গছৰ ডালে ডালে কুলিয়ে মাতিলে
বিহু বিহু লাগিছেৰ গাত,
ৰমকে - জমকে তগৰ ফুলিলে ,
নাচনীৰ ত'তেই নাই গাত।
ব'হাগ মানেই যেন কেৱল নতুনত্ব আনন্দ উলাহ ।
✍️শ্ৰীমতী দীক্ষা বৰুৱা
নামৰূপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ